ETV Bharat / state

বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাদুনলৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা

author img

By

Published : Aug 25, 2021, 7:11 PM IST

Lakshminath Bejbarua award to Nahendra Padun
সাহিত্যিক নাহেন্দ্ৰ পাদুনলৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনলৈ আগবঢ়োৱা হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা । বুধবাৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উপলক্ষে শিৱসাগৰত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰা হয় ।

শিৱসাগৰ, ২৫ আগষ্ট: অনবদ্য অৱদানেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুন(Nahendra Padun)ক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটাৰে সন্মানিত কৰিলে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে । সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত বুধবাৰে শিৱসাগৰত কেন্দ্ৰীয়ভাৱে সংগঠনটোৰ পঞ্চম প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ।

বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাদুনলৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা

প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটাৰে সন্মানিত কৰা হয় । মিছিং ভাষা-সাহিত্যৰ প্ৰসাৰৰ বাবে অৱদান আগবঢ়াই অহা সাহিত্যিকগৰাকীক ২০১৯ চনত সাহিত্যচাৰ্য উপাধিৰে বিভূষিত কৰা হৈছিল । ২০ খনৰো অধিক গ্ৰন্থ আৰু বহুকেইখন সম্পাদিত গ্ৰন্থৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে ।

সাহিত্য তত্ব আৰু আলোচনা তত্ব তেওঁৰ অনবদ্য সৃষ্টি । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা গ্ৰহণ কৰি তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা ৰাজিৰ বিষয়ে ব্যাখ্যা কৰে সাহিত্যিকগৰাকীয়ে । উল্লেখ্য যে, ক'ভিড প্ৰ'ট'কল মানি প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানটি আয়োজন কৰা হয় । অনুষ্ঠানটিত অসমৰ ১৬ খন জিলাৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধিৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে । বিশিষ্ট ভাষাবিদগৰাকীয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা গ্ৰহণ কৰি এক সাৰুৱা বক্তব্য আগবঢ়ায় ।

ইফালে, সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনৰ লগতে সমাজ-সংস্কৃতিলৈ বৰঙণি আগবঢ়োৱা বহু কেইগৰাকী লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় । আনহাতে, আগন্তুক দিনত বিজেপি চৰকাৰৰ শোষণ-প্ৰৱঞ্চনাৰ বিৰুদ্ধে যুঁজ দি ৰাইজৰ হকে কাম কৰি যাবলৈ প্ৰতিষ্ঠা দিৱসত সংকল্প লয় সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ।

লগতে পঢ়ক:SSB ৰ আজাদী অমৃত মহোৎসৱৰ উপলক্ষে চাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.