ETV Bharat / state

ৰাজহুৱা খেলপথাৰ নিৰ্মাণৰ বাবে ওলাই আহিল দিখৌমুখৰ ৰাইজ

author img

By

Published : Aug 12, 2021, 9:36 PM IST

দিখৌমুখ ৰঘুবাৰীৰ ২০ বিঘা মাটিত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে এখন খেলপথাৰখন ৷ শ্ৰমদান কৰি খেলপথাৰখনৰ নিৰ্মাণৰ কাম হাতত লৈছে দিখৌমুখৰ ৭/৮ খন গাঁৱৰ ৰাইজে ৷

Lack of a public ground in Dikhoumukh
ৰাজহুৱা খেলপথাৰ নিৰ্মাণৰ বাবে শ্ৰমদান দিখৌমুখবাসীৰ

আমগুৰি,১২ আগষ্ট : ক্ৰীড়াৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনা সুদূৰ প্ৰসাৰী ৷ বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোঁহায়ে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তে শিৱসাগৰৰ দিখৌমুখত ৭/৮ খন গাঁৱৰ ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিবলৈ লৈছে এখন ৰাজহুৱা খেলপথাৰ ৷ দিখৌমুখ ৰঘুবাৰীৰ ২০ বিঘা মাটিত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে এই খেলপথাৰখন ৷

ৰাইজে সদৰি কৰা মতে বৃহত্তৰ দিখৌমুখত এখন ৰাজহুৱা খেলপথাৰ অভাৱ সকলো অনুভৰ কৰে ৷ বহু বছৰৰ আগৰ পৰাই ক্ৰীড়া ক্ষেত্ৰত দিখৌমুখৰ এক সুনাম আছে ৷ এখন ৰাজহুৱা খেলপথাৰ নথকাৰ পাচতো দিখৌমুখৰ পৰা বহু যুৱক-যুৱতীয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া ক্ষেত্ৰত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ৷

ৰাজহুৱা খেলপথাৰ নিৰ্মাণৰ লগত জড়িত দিখৌমুখৰ এগৰাকী যুৱকে কয়, খেলৰ প্ৰতি স্পৃহা থাকিও প্ৰয়োজনীয় সা-সুবিধাৰ নথকাৰ বাবে এটা পৰ্যায়ত ৰৈ যাব লগীয়া হয় যুৱক-যুৱতীসকল ৷ দিখৌমুখৰ বহু যুৱক-যুৱতীয়ে এতিয়া ক্ৰীড়া ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ কৰিবলৈ সক্ষম হৈছে ৷ সেয়েহে দিখৌমুখত এখন ৰাজহুৱা খেলপথাৰৰ অতি প্ৰয়োজন ৷

ৰাজহুৱা খেলপথাৰ নিৰ্মাণৰ বাবে শ্ৰমদান দিখৌমুখবাসীৰ

লগতে পঢ়ক: জনা নজনা : একেৰাহে 108 মিনিট ধৰি চলা এখন বক্সিং মেচ

সমান্তৰালভাৱে এই বিষয়ত স্থানীয় এগৰাকী সচেতন লোকে কয় যে, ৰাজ্যত এতিয়াও আশা কৰিবল পৰাকৈ ক্ৰীড়া আন্তঃগাঁঠনি গঢ়ি উঠা নাই ৷ দিখৌমুখৰ দৰে ৰাজ্যত এনে বহু অঞ্চল আছে য'ত নেকি এতিয়াও এখন উপযুক্ত খেলপথাৰ নাই ৷ দিখৌমুখৰ এগৰাকী প্ৰভাৱান খেলুৱৈ হৈছে বৰ্ণালী বৰা ৷ বৰ্ণালী বৰাই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বাৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ বৰ্ণালী বৰাৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাইৰ সাফল্যত অনুপ্ৰাণিত হৈ ৰাজহুৱা খেলপথাৰ নিৰ্মাণৰ শ্ৰমদান কৰিছে দিখৌমুখবাসীয়ে ৷ গতিকে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকায়ো যাতে দিখৌমুখত এখন ৰাজহুৱা খেল পথাৰ নিৰ্মাণ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে বৃহত্তৰ দিখৌমুখবাসীয়ে দাবী জনাইছে ৷

দিখৌমুখৰ ৰঘুবাৰীত দিখৌ নদীৰ বালিচৰ ২০ বিঘা ভূমিত ৰঘুবাৰী যুৱক সংঘৰ উদ্যোগত খেলপথাৰ নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ৷ খেলপথাৰখন সম্পূৰ্ণ হৈ উঠিলে ক্ৰীড়াৰ ক্ষেত্ৰত যুৱক-যুৱতীসকল আগবাঢ়ি যোৱাত বহু পৰিমাণে সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.