মহা অষ্টমীত শিৱসাগৰৰ দেৱী দৌলত ভক্তৰ ভিৰ

author img

By

Published : Oct 3, 2022, 12:19 PM IST

Durga Puja in Devi Daul

১৭৩১-৩৩ খৃষ্টাব্দৰ ভিতৰত আহোম স্বৰ্গদেও শিৱসিংহৰ পত্নী বৰৰাণী অম্বিকা কুঁৱৰীয়ে (Barrani Ambika Kunwari)এটা বৃহৎ পুখুৰী খন্দাইছিল । এই পুখুৰীৰ পাৰতে ৰজাই পূজা কৰিবলৈ তিনিটা দৌল ক্ৰমে শিৱ দৌল, দেৱী দৌল আৰু বিষ্ণু দৌলৰ নিৰ্মাণ কৰিছিল । দেৱী দৌলত দুৰ্গাদেৱীৰ স্থায়ী মূৰ্তি আছে যদিও দুৰ্গাপূজাৰ সময়ত মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি প্ৰতিমা স্থাপন কৰা হয় ।

শিৱসাগৰ, ৩ অক্টোবৰ: আজি মহা অষ্টমী । শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ২৬ স্থানত এইবাৰ অনুস্থিত পূজাই শাক্ত বিধি-বিধানেৰে সোমবাৰৰ দিনটোৰ পূজা সম্পন্ন কৰে । আনহাতে, শিৱসাগৰ নগৰৰ অতি পুৰণি দেৱী দৌলত মহা অষ্টমী ৰাইজৰ ব্যাপক(Durga Puja in Devi Daul) অংশগ্ৰহণৰ মাজেৰে সম্পন্ন হয়। বৰ বলিৰ দিনা আজি শ্ৰদ্ধা-ভক্তিৰ প্ৰতীক দেৱী দৌলত ৰাইজে মা দূৰ্গাৰ চৰণত সেৱা লয় ।

আজিৰ দিনটোৰ বাবে দৌল সমিতিয়ে বিভিন্ন ব্যৱস্থা কৰিছে । সজাই তুলিছে বলিশাল । বলিশালত দেৱীক সন্তুষ্ট কৰিবৰ বাবে কোমোৰা, হাঁহ, ছাগলী আদি বলি আগবঢ়োৱা হয় । অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে বৰ বলিৰ আজিৰ দিনটোত আহোম যুগৰ দেৱী দৌলত আগবঢ়োৱা বলি লৈ ভিৰ কৰা দেখা যায় । ৰাইজৰ বিশ্বাস এই দেৱালয়ত বলি আগবঢ়ালে তেওঁলোকৰ মনোবাঞ্চা পূৰ হয় । সেয়েহে আয়োজক সমিতিয়ে এই বিধিভাগ সূচাৰুৰূপে চলাই নিবৰ বাবে বলি ভেদে এক মাচুল নিৰ্দিষ্ট কৰি দিছে ।

মহা অষ্টমীত শিৱসাগৰৰ দেৱী দৌলত ভক্তৰ ভিৰ

মহা অষ্টমীৰ দিনা দেৱী দৌলত শতিকা পুৰণি এক পৰম্পৰা পালন কৰা হ'ব । সম্প্ৰীতিৰ নিদৰ্শন ৰূপে পৰিচিত এই পৰম্পৰাত মুছলমান দৌল্লা পৰিয়াল আৰু বেতবাৰীৰ বৰপাত্ৰ গোঁহাই পৰিয়ালক পূজাৰ শৰাই আগবঢ়োৱা হ'ব । আহোম যুগতে দেৱী দৌলত ঢাক বজোৱাৰ দায়িত্বত থকা দৌল্লা পৰিয়াললৈ এই প্ৰসাদ প্ৰতি বছৰে আগবঢ়োৱা হয় । সেইদৰে আহোম বিষয়া বৰপাত্ৰ গোঁহাই পৰিয়াললৈ অনুৰূপ শৰাই আগবঢ়াই অহা হৈছে । আজি বিয়লি দুই বজাত এই শৰাই প্ৰদান পৰ্ব অনুস্থিত কৰা হ'ব বুলি দৌল উন্নয়ন সমিতিয়ে সদৰি কৰিছে ।

উল্লেখ্য় যে বুৰঞ্জীৰ তথ্য অনুসৰি ১৭৩১-৩৩ খৃষ্টাব্দৰ ভিতৰত (১৬৫৫ শক) আহোম স্বৰ্গদেও শিৱসিংহৰ পত্নী বৰৰাণী অম্বিকা কুঁৱৰীয়ে এটা বৃহৎ পুখুৰী খন্দাইছিল । এই পুখুৰীৰ পাৰতে ৰজাই পূজা কৰিবলৈ তিনিটা দৌল ক্ৰমে শিৱ দৌল(Shiv Daul),দেৱী দৌল আৰু বিষ্ণু দৌলৰ(Vishnu Daul) নিৰ্মাণ কৰিছিল । সেই সময়ৰ পৰাই দেৱী দৌলত দুৰ্গা পূজাৰ অয়োজন কৰি অহা হৈছে । দেৱী দৌলত দুৰ্গাদেৱীৰ স্থায়ী মূৰ্তি আছে যদিও দুৰ্গাপূজাৰ সময়ত মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি প্ৰতিমা স্থাপন কৰি পূজা কৰা হয় ।

লগতে পঢ়ক:মহা অষ্টমীৰ পুৱাৰ পৰাই মৰাণৰ সাৰ্বজনীন শ্ৰীশ্ৰী শিৱ মন্দিৰ দুৰ্গা পূজা মণ্ডপত ভক্তৰ ভীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.