ETV Bharat / state

শিমলুগুৰি ৰে'লৱে ষ্টেচনত উদ্ধাৰ 200 সন্দেহজনক নাগৰিক

author img

By

Published : Dec 8, 2019, 2:34 PM IST

দেওবাৰে পুৱাই শিমলুগুৰি ৰে'লৱে জংচনত আৱদ্ধ কৰা হয় শতাধিক সন্দেহযুক্ত নাগৰিকক ৷ অ'এন জি চিৰ অন্তৰ্গত বিতৰ্কিত ঠিকাদাৰ কৃষ্ণ আগৰৱালা মালিকনাধীন "এচ কে পেট্ৰ" নামৰ কোম্পানীটোৰ ড্ৰিলিং কোম্পানীৰ কামৰ বাবে কলিকতাৰ পৰা লৈ আনিছে দুই শতাধিক সন্দেহ যুক্ত নাগৰিকক  ৷ এইসকল সন্দেহযুক্ত নাগৰিকসকলৰ পৰিচয়-পত্ৰতো দেখিবলৈ পোৱা গৈছে নানাধৰণৰ বিসংগতি ৷ ইমানেই নহয়, তেওঁলোকে ভালদৰে নাজানে হিন্দী ভাষাও ৷

শিমলুগুৰি
শিমলুগুৰি ৰে'লৱে ষ্টেচনত উদ্ধাৰ 200 সন্দেহজনক নাগৰিক

নাজিৰা, ৮ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬কলৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে'লৱে জংচনত 200 ৰো অধিক সন্দেহযুক্ত নাগৰিকক আৱদ্ধ কৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠনে ৷

দেওবাৰে পুৱাই শিমলুগুৰি ৰে'লৱে জংচনত আৱদ্ধ কৰা হয় শতাধিক সন্দেহযুক্ত নাগৰিকক ৷ অ'এনজিচিৰ অন্তৰ্গত বিতৰ্কিত ঠিকাদাৰ কৃষ্ণ আগৰৱালা মালিকনাধীন "এচ কে পেট্ৰ" নামৰ কোম্পানীটোৰ ড্ৰিলিং কোম্পানীৰ কামৰ বাবে কলিকতাৰ পৰা লৈ আনিছে দুই শতাধিক সন্দেহ যুক্ত নাগৰিকক ৷ এইসকল সন্দেহ যুক্ত নাগৰিকসকলৰ পৰিচয়-পত্ৰতো দেখিবলৈ পোৱা গৈছে নানাধৰণৰ বিসংগতি ৷ ইয়াৰ লগতে তেওঁলোকে ভালদৰে নাজানে হিন্দী ভাষাও ৷ এইদৰে একাংশ সন্দেহযুক্ত লোকক শ্ৰমিক হিচাপে নিয়োজিত কৰিবলৈ অনাৰ বাবে কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় ৰাইজ ৷ ৰাইজৰ অভিযোগ অনুসৰি অসমীয়াই ঢেঁকী দিবও নাজানে বুলি বিতৰ্কিত মন্তব্য কৰিছে এইজন অনাঅসমীয়া ব্যৱসায়ীয়ে ৷

শিমলুগুৰি ৰে'লৱে ষ্টেচনত উদ্ধাৰ 200 সন্দেহজনক নাগৰিক

ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ৷ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গৃহীত হোৱাৰ প্ৰাকক্ষণত এইদৰে আৱদ্ধ কৰা 200 ৰো অধিক সন্দেহযুক্ত নাগৰিকক লৈ এতিয়া সৰৱ হৈ পৰিছে শিমলুগুৰিৰ স্থানীয় ৰাইজ তথা দল-সংগঠন ৷ কেনেকৈ কিয় এই সকল নাগৰিক শিমলুগুৰিলৈ আহিছে তাকে লৈ প্ৰতিবাদমুখৰ হৈ পৰিছে স্থানীয় ৰাইজ আৰু দল-সংগঠন ৷

আৰু পঢ়কঃ নাহৰকটীয়াত লাইনচ্যুত মালবাহী ৰে'লঃ 5 দিনলৈ ব্যাহত ৰেলসেৱা

Intro:Body:NABUL KONWAR
DATE- 8/12/2019
NAZIRA, ASSAM.

নাজিৰা, ৮ ডিচেম্বৰ- নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬কলৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে'লৱে জংচনত ২০০ৰো অধিক সন্দেহ যুক্ত নাগৰিকক আৱদ্ধ স্থানীয় ৰাইজ তথা দল-সংগঠনৰ।

দেওবাৰে পুৱাই শিমলুগুৰি ৰে'লৱে জংচনত আৱদ্ধ কৰি ৰখা হৈছে শতাধিক সন্দেহযুক্ত নাগৰিকক।থলুৱা নিবনুৱাক প্ৰতাৰণা কৰি অ'এনজিচিৰ অন্তৰ্গত বিতৰ্কীত ঠিকাদাৰ কৃষ্ণ আগৰৱালা মালিকাধিন "এচ কে পেট্ৰ"নামৰ কোম্পানীটোৰ ড্ৰিলিং কোম্পানীৰ কামৰ বাবে কলিকতাৰ পৰা লৈ আনিছে দুই শতাধিক সন্দেহ যুক্ত নাগৰিকক।এইসকল সন্দেহ যুক্ত নাগৰিকৰ পৰচিয়-পত্ৰতো দেখিবলৈ পোৱা গৈছে নানাধৰণৰ বিসংগতিৰ লগতে ভালদৰে নাজানে হিন্দী ভাষাও। ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহিত হোৱাৰ প্ৰাকক্ষণত এইদৰে ২০০ৰো অধিক সন্দেহযুক্ত নাগৰিকক লৈ এতিয়া সৰৱ হৈ পৰিছে শিমলুগুৰিৰ স্থানীয় ৰাইজ তথা দল-সংগঠন।বৰ্তমানো শিমলুগুৰি ৰে'লৱে জংচনত আৱদ্ধ সন্দেহযুক্ত নাগৰিক।কেনেকৈ কিয় এই সকল নাগৰিক শিমলুগুৰিলৈ আহিছে তাকে লৈ সৰৱ পৰিছে স্থানী ৰাইজ আৰু দল-সংগঠন।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.