ETV Bharat / state

শিৱসাগৰৰ হালোৱাটিত পথ নিৰ্মাণত বাধা নগা প্ৰশাসনৰ

author img

By

Published : Dec 16, 2020, 12:20 PM IST

পুনৰ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা । অসম চৰকাৰৰ সোপাঢিলা নীতিৰ বাবে পুনৰ সুযোগ ল'লে নাগালেণ্ড প্ৰশাসনে । শিৱসাগৰ প্ৰশাসনৰ চকুৰ সন্মুখতে অসমৰ ভূমিক নগালেণ্ডৰ বুলি দাবী নগা প্ৰশাসনৰ ।

assam nagaland border conflict in sivasagar
শিৱসাগৰৰ হালোৱাটিত পথ নিৰ্মাণত বাধা নগা প্ৰশাসনৰ

আমগুৰি, ১৬ ডিচেম্বৰ: অসমৰ ভূমিত কোপদৃষ্টি নাগালেণ্ডৰ । অসমৰ সীমাৰ অন্তৰ্ভুক্ত ভূমিত পথ নিৰ্মাণ কৰাত অসমৰ লোককে বাধা প্ৰদান কৰিলে নগা প্ৰশাসনে । শিৱসাগৰৰ হালোৱাটিত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪১ মিটাৰ পথ নগা প্ৰশাসনে নগালেণ্ডৰ বুলি দাবী কৰিছে । লোক নিৰ্মাণ বিভাগৰ অধীনত জাঁজীৰ পৰা নগালেণ্ডৰ চেক গে'ট পৰ্যন্ত পথচোৱা নিৰ্মাণ কৰিবলৈ আহিছিল একাংশ শ্ৰমিক তথা বিভাগীয় লোকে ।

ৰাজ্য চৰকাৰৰ চূড়ান্ত গাফিলতি আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ ব্যৰ্থতাৰ বাবে পথ নিৰ্মাণৰ ক্ষেত্ৰত পিছ হুহকি আহিবলৈ বাধ্য হৈছে লোক নিৰ্মাণ বিভাগ । আনহাতে, অসমৰ ভূমিত থকা ৪১ মিটাৰ পথ নগালেণ্ডৰ বুলি নগা প্ৰশাসনে দাবী কৰা পিছতেই জাঙুৰ খাই উঠিছে আমগুৰিৰ জাতীয় সংগঠন । নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে অসম চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জাতীয় সংগঠনবোৰে । অন্যথা জাতীয় সংগঠনবোৰ একগোট হৈ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে ।

এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও নাগালেণ্ডে অসমৰ ভূমি নিজৰ বুলি দাবী কৰি সীমান্তৱৰ্তী অঞ্চলৰ অসমীয়া ৰাইজক যমৰ যাতনা ভোগাই আহিছে । ইয়াৰ পিছতো যথোচিত ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে । বাৰে বাৰে নগা প্ৰশাসনে সীমান্তত পথ নিৰ্মাণেই হওক অথবা সীমান্ত সুৰক্ষা বাহিনীৰ যিকোনো নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰি আহিছে । বহু সময়ত নগাৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছে অসম-নাগালেণ্ড সীমান্তৰ গাঁৱত বাস কৰা অসমীয়া ৰাইজ । সেয়ে, ৰাজ্যৰ সীমান্ত সুৰক্ষিত কৰি নগাৰ আগ্ৰাসনমুক্ত কৰাৰ বাবে দাবী জনাইছে আমগুৰিৰ জাতীয় সংগঠনসমূহে ।

লগতে পঢ়ক:শিৱসাগৰত আৰম্ভ অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.