ETV Bharat / state

লখিমপুৰত এফালে ন্যায় যাত্ৰা আনফালে প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 5:51 PM IST

Protest in Lakhimpur: সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে ন্যায় বিচাৰি ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্রা আহি শনিবাৰে লখিমপুৰত প্ৰবেশ কৰাৰ পাচত ন্যায় দাবী কৰিলে লখিমপুৰ জিলা সংখ্যালঘু ছাত্র ইউনিয়নে । তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি নাওবৈচা সমষ্টিৰ কংগ্রেছী বিধায়ক ভৰত নৰহে সমষ্টিবাসীক কৰা প্ৰতাৰণাৰ বাবে ন্যায় দিবলৈ ৰাহুল গান্ধীক দাবী জনায় ।

Protest demanding justice in Lakhimpur
লখিমপুৰত এফালে ন্যায় যাত্ৰা আনফালে প্ৰতিবাদ
লখিমপুৰত এফালে ন্যায় যাত্ৰা আনফালে প্ৰতিবাদ

লখিমপুৰ,২০ জানুৱাৰী: লখিমপুৰৰ নাওবৈচাত এফালে ন্যায় যাত্রা আৰু আনফালে প্ৰতিবাদী যাত্রা । শনিবাৰে লখিমপুৰত ভাৰত জোড়ো ন্যায় যাত্রাৰ সমান্তৰালভাৱে বিভিন্ন স্থানত প্ৰতিবাদত উত্তাল পৰিৱেশৰ সৃষ্টি হয় । দেশৰ সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্রা শনিবাৰে লখিমপুৰত প্ৰৱেশ কৰাৰ সময়ত প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন সংগঠনে ।

সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে ন্যায় বিচাৰি কৰা এই যাত্রাৰ নেতৃত্ব দিয়া ৰাহুল গান্ধীক ন্যায় প্ৰদানৰ দাবী কৰে লখিমপুৰ জিলা সংখ্যালঘু ছাত্র ইউনিয়নে । তেওঁলোকে নাওবৈচা সমষ্টিৰ কংগ্রেছী বিধায়ক ভৰত নৰহে সমষ্টি উন্নয়নত ব্যৰ্থ হৈ সমষ্টিবাসীক কৰা প্ৰতাৰণাৰ বাবে ৰাহুল গান্ধীৰ পৰা ন্যায় দাবী কৰে ।

উল্লেখ্য যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দিনাই লখিমপুৰত কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে এইদৰে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ লোক । লালুকত বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ভৰত নৰহ গ' বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । ভৰত নৰহৰ অন্যায়ৰ বিৰুদ্ধে ন্যায় বিচাৰি ৰাজপথত আমছুৰ উদ্যোগত সহস্ৰাধিক লোকৰ এই প্ৰতিবাদ । নাওবৈচা সমষ্টিৰ কংগ্রেছী বিধায়ক ভৰত নৰহে সমষ্টিবাসীক কৰা প্ৰতাৰণাৰ বাবে ন্যায় দিবলৈ ৰাহুল গান্ধীক দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

ইফালে লখিমপুৰ নগৰ এলেকাটো প্ৰতিবাদ সাব্যস্ত কৰে অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিতৰ পৰিয়ালে । তেওঁলোকেও ৰাহুল গান্ধীৰ ন্যায় যাত্রাৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনত এইদৰে ভাৰত জোড়ো ন্যায় যাত্রা প্ৰবেশৰ পাছতে শনিবাৰৰ দিনটো প্ৰতিবাদত উত্তাল হৈ পৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ৰাহুল গান্ধী থাকিব বৰদোৱাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.