ETV Bharat / state

নলবাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

author img

By

Published : Jan 25, 2021, 5:55 PM IST

আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । অসমতো জিলাই জিলাই ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰি নৱ প্ৰজন্মক ভোটাধিকাৰ সাব্যস্ত কৰাৰ প্ৰতি উৎসাহিত কৰিবলৈ প্ৰয়াস কৰিছে জিলা প্ৰশাসনে । নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভোটাৰ দিৱস উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

নলবাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন
নলবাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

নলবাৰী, ২৫ জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো পালন কৰা হ'ল ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । সোমবাৰে নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানটোত উপস্থিত থাকে নলবাৰী জিলা উপায়ুক্ত পূৰৱী কোঁৱৰ, চক্ৰ বিষয়া বনশ্ৰী ডেকাৰ লগতে কেইবাগৰাকীও বিষয়া । ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত নতুন ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে জিলা উপায়ুক্তগৰাকীয়ে ভোটদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে বক্তব্য আগবঢ়ায় ।

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানলৈ কেইগৰাকীমান নতুন ভোটাৰকো আমন্ত্ৰণ জনোৱা হয় । অনুষ্ঠানটিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, জ্যেষ্ঠ নাগৰিক অমূল্য দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আনহাতে নলবাৰীৰ জিলাৰ প্ৰতিটো ৰাজহ চক্ৰতে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হৈছে বুলিও জানিবলৈ দিয়ে জিলা উপায়ুক্ত পূৰৱী কোঁৱৰে ।


লগতে পঢ়ক:ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.