Poor condition of a Primary school: বৰক্ষেত্ৰীত প্ৰাথমিক শিক্ষাৰ পয়ালগা ছবি

author img

By

Published : Aug 4, 2022, 10:06 PM IST

poor-condition-of-a-primary-school-in-nalbari

নলবাৰী জিলাৰ বৰক্ষেত্ৰীত চৰকাৰী শিক্ষাখণ্ডৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পয়ালগা ছবিয়ে দাঙি ধৰিছে শিক্ষাবিভাগৰ ফোঁপোলা স্বৰূপ(Poor condition of a Primary school) ৷ বিদ্যালয়ৰ নামত কেৱল এটা কোঠালী ৷ শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্ৰহণ ৷

নলবাৰী, 4 আগষ্ট : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পয়ালগা ছবি(Poor condition of a Primary school in Nalbari) । শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলত চলিছে পাঠদান । নলবাৰী জিলাৰ বৰক্ষেত্ৰীত চৰকাৰী শিক্ষাখণ্ডৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পয়ালগা ছবিয়ে দাঙি ধৰিছে শিক্ষাবিভাগৰ ফোঁপোলা স্বৰূপ ৷

বৰক্ষেত্ৰীত প্ৰাথমিক শিক্ষাৰ পয়ালগা ছবি

বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত বহু বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলত চলিছে পাঠদান ৷ আনকি একাংশ বিদ্যালয়ৰ একেটা কোঠাতে চাৰি, পাঁচটাকৈ শ্ৰেণীৰ পাঠদান চলিছে ৷ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত দক্ষিণ বেলবেলি প্ৰাথমিক বিদ্যালয়ৰ পয়ালগা ছবিয়ে দাঙি ধৰিছে শিক্ষাবিভাগৰ ফোঁপোলা স্বৰূপ ৷

বেলবেলিস্থিত প্ৰাথমিক বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰ বাবে নাই এটা শ্ৰেণীকোঠা ৷ শ্ৰেণীকোঠাৰ অভাৱত ছাত্ৰ-ছাত্ৰীসকলে মুকলি আকাশৰ তলতে বস্তাত বহি শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে ৷ জীৱনৰ কোনো ধৰণৰ নিৰাপত্তা অবিহনেই গছৰ তলত বহি কণ কণ ছাত্ৰ-ছাত্ৰীসকলে প্ৰাথমিক শিক্ষাগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে ৷

তদুপৰি প্ৰাথমিক বিদ্যালয়খনৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীকোঠা বুলিবলৈ আছে মাথো এটা কোঠা ৷ একেটা কোঠাতে তিনিটাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সমস্যাৰে গ্ৰহণ কৰি আহিছে পাঠদান ৷ তদুপৰি প্ৰাথমিক বিদ্যালয়খনৰ ১৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিবলৈ আছে মাত্ৰ দুগৰাকী শিক্ষক ৷

স্থানীয় দুয়োগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অতি কষ্ট আৰু ভীষণ সমস্যাৰে বিদ্যালয়খনত শিক্ষাদানত জড়িত হৈ আহি মানৱ সম্পদ গঢ়াত ব্ৰতী হৈ পৰিছে ৷ উল্লেখ্য যে যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ গুণোৎসৱৰ ব্যৱস্থা কৰি উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে ঠিক তেনে সময়তে বৰক্ষেত্ৰীৰ দক্ষিণ বেলবেলি প্ৰাথমিক বিদ্যালয়ৰ পয়ালগা ছবিয়ে উদঙাইছে বুনিয়াদী শিক্ষাৰ প্ৰকৃত স্বৰূপ ৷

লগতে পঢ়ক : Scam in Arunodoi Scheme: নলবাৰীৰ পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত মহিলাৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.