ETV Bharat / state

Congress MLA to join BJP : উপ-নিৰ্বাচনৰ সন্দৰ্ভত শাসক পক্ষৰ আওপকীয়া মন্তব্যই কি সূচায় ?

author img

By

Published : Nov 26, 2021, 9:00 PM IST

কংগ্ৰেছৰ পৰা পাঁচ গৰাকীকৈ বিধায়কে পুনৰ বিজেপিত যোগ দিব বুলি চৰ্চা চলি থকাৰ সময়তে, ভৱেশ কলিতা আৰু জাকিৰ হুছেইন শিকদাৰে একলগে চাহ মেলত বহা বিষয়টোৱে অধিক তাৎপৰ্য বহন কৰিছে ৷ প্ৰশ্ন হ'ল, বিজেপিত যোগ দিব বুলি চৰ্চা চলি থকা কংগ্ৰেছৰ পাঁচ গৰাকী বিধায়কৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ(Assam Pradesh Congress Committee) কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰো আছে নেকি ?

Congress MLA to join BJP
উপ-নিৰ্বাচনৰ সন্দৰ্ভত আওপকীয়া মন্তব্য শাসক পক্ষৰ

নলবাৰী, 26 নৱেম্বৰ : প্ৰণীতা ৰেষ্টুৰেন্টত চাহ মেলত বহাৰ পাচতে সাংবাদিকৰ প্ৰশ্ন উত্তৰত জাকিৰ হুছেইন শিকদাৰে স্পষ্ট কৰি দিছে যে, এই সময়ত বিজেপিত কোনো কংগ্ৰেছৰ নেতাই যোগ নিদিয়ে ৷ তেওঁ কয়, বিজেপিলৈ যাবলগীয়া নেতাসকলে ইতিমধ্যে বিজেপিত যোগদান কৰিছে ৷ উপ-নিৰ্বাচনো হৈ গৈছে ৷ গতিকে নতুন কোনো কংগ্ৰেছ নেতাই বিজেপিত যোগ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে ৷

যদিও তেওঁ কংগ্ৰেছৰ কোনো নেতা বিজেপিলৈ নাযায় বুলি কৈছে তথাপিও বিষয়টো একেবাৰে এৰাই চলিব নোৱাৰি ৷ কিয়নো, বিজেপিলৈ আৰু কংগ্ৰেছ নেতা নাযায় বুলি জাকিৰ হুছেইন শিকদাৰে কৰা মন্তব্যৰ বিপৰীতে চাহ মেলৰ পাছত ভৱেশ কলিতাই কৰা মন্তব্য আছিল অধিক কৌশলগত ৷ ৰাজ্যিক বিজেপি ৰ সভাপতি ভৱেশ কলিতাই সাংবাদিকৰ আগত কয় (BJP Assam Pradesh president Bhabesh Kalita), অন্য দলৰ নেতাই বিজেপিত যোগ দিয়া বিষয়টোৰ ওপৰত এতিয়াই মন্তব্য প্ৰকাশ কৰিব নোৱাৰি ৷

উপ-নিৰ্বাচনৰ সন্দৰ্ভত আওপকীয়া মন্তব্য শাসক পক্ষৰ

"মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ উন্নয়নে এক নতুন গতি লাভ কৰিব ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি কোনো অন্য দলৰ নেতা আকৃষ্ট হোৱাটো অস্বাভাৱিকো নহয় ৷" এই মন্তব্য ভৱেশ কলিতাৰ ৷

ভৱেশ কলিতাই আওপকীয়াকৈ এই কথাও বুজাবলৈ চেষ্টা কৰিছিল যে, কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে ৰাজ্যিক বিজেপিৰ লগত যোগাযোগ কৰিছে (Congress MLA contact with BJP) ৷ ইফালে, যোৱা কেইদিনমানত সাংবাদিকৰ প্ৰশ্ন উত্তৰত ৰাজ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও উপ-নিৰ্বাচনৰ সন্দৰ্ভত আওপকীয়া কিছু মন্তব্য প্ৰকাশ কৰা দেখা গৈছে (Himanta Biswa Sarma on Byelection) ৷ তেওঁ বহুবাৰ কৈছে যে, বহুকেইটা সমষ্টিৰ ৰাইজে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷ শাসকীয় দল বিজেপিৰ নেতা-কৰ্মীৰ আওপকীয়া মন্তব্যই এটা স্পষ্ট কৰিছে যে, আগন্তক সময়ত পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সকলো ফালৰ পৰা সাজো হৈ আছে শাসক পক্ষ ৷

লগতে পঢ়ক: Changes in APSC exam pattern : অসমীয়া বিষয়ৰ কাকত বাতিল সন্দৰ্ভত কামাখ্যা প্ৰসাদ তাছাৰ সংবাদমেল

উল্লেখ্য যে, নলবাৰীৰ পাইকাৰকুছিৰ প্ৰণীতা ৰেষ্টুৰেন্টত দীৰ্ঘ সময়ৰ বাবে একেলগে দেখা গৈছিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুচেইন শিকদাৰক (Bhabesh Kalita shared tea table with Jakir Hussain Sikdar) ৷ দুটা পৃথক দলৰ নেতা দুগৰাকীয়ে একেলগে বহি প্ৰণীতা ৰেষ্টুৰেন্টত চাহৰ সোৱাদ লোৱাৰ দৃশ্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে সকলো শ্ৰেণীৰ লোকৰ মাজতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷

কিয়নো পাঁচটাকৈ সমষ্টিত উপ-নিৰ্বাচন হৈ যোৱাৰ পাছত পুনৰ আৰু পাঁচটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি প্ৰায়ে চৰ্চা চলি আছে ৷ বিশেষকৈ কংগ্ৰেছৰ পৰা পাঁচ গৰাকীকৈ বিধায়কে পুনৰ বিজেপিত যোগ দিব(Congress MLA to join BJP) বুলি চৰ্চা চলি থকাৰ সময়তে, ভৱেশ কলিতা আৰু জাকিৰ হুছেইন শিকদাৰে একলগে চাহ মেলত বহা বিষয়টোৱে অধিক তাৎপৰ্য বহন কৰে ৷

ৰাইজৰ মাজত এইটো প্ৰশ্নও উত্থাপন হৈছে যে, বিজেপিত যোগ দিব বুলি চৰ্চা চলি থকা কংগ্ৰেছৰ পাঁচ গৰাকী বিধায়কৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুচেইন শিকদাৰো (APCC executive president Jakir Hussain Sikdar) আছে নেকি ? বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সন্দেহজনক ৷ লগতে এটা কথা উনুকিয়াব লাগিব যে, ৰাজনৈতিক দলৰ নেতাই একলগে বহি চাহ খোৱাটো অস্বাভাৱিক নহয় ৷ ভাৰতবৰ্ষৰ দৰে এক গণতান্ত্ৰিক দেশৰ মূল্যবোধৰ ৰাজনীতিৰ পৰিচয় বহন কৰা এনে ঘটনা প্ৰায়ে দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক: Jorhat-Majuli bridge : 29 নৱেম্বৰত খুঁটা পোতাৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.