নলবাৰীত নিয়োগ 'বৃক্ষ মিত্ৰ'

author img

By

Published : Sep 1, 2021, 4:15 PM IST

new plantation program

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদ্যোগত ঘাইপথৰ দুয়োকাষে গছপুলি ৰোপণৰ এক আঁচনি গ্ৰহণ কৰা হৈছে । সেই আঁচনিৰ অধীনত নলবাৰীত ১০ হাজাৰ গছপুলি ৰোপণ কৰা হ'ব । কিন্তু সেই গছপুলি বোৰ সুৰক্ষিত কৰি ৰাখিবলৈ নলবাৰীত কি পদক্ষেপ লোৱা হৈছে ?

নলবাৰী,১ ছেপ্তেম্বৰ : সামাজিক বনানীকৰণ আঁচনিৰ অধীনত নলবাৰীত গছ পুলি ৰোপণৰ অভিলাষী আঁচনি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (NHAI) । নলবাৰী সদৰ সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ (Jayanta Malla Baruah) উদ্যোগত এই বিশেষ গছ পুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হয় । এই বিশেষ আঁচনিৰ জৰিয়তে নলবাৰীৰ মাজেৰে পাৰ হৈ যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰোপণ কৰা হ'ব দহ হাজাৰ গছ পুলি ।

৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বিলপাৰৰ পৰা বানেকুছিলৈ ৰোপণ কৰা হ'ব এই গছপুলি । বকুল, এজাৰ, কৃষ্ণচূড়া, পলাশকে ধৰি শোভা বৰ্ধনকাৰী গছ পুলি ৰোপণ কৰা হ'ব ঘাইপথৰ দুয়োকাষে । এই গছ পুলি সমূহৰ প্ৰতিপালনৰ বাবে নিয়োগ কৰা হ'ব একোগৰাকী স্বেচ্ছাসেৱক ।

নলবাৰীত নিয়োগ বৃক্ষ মিত্ৰ

নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক পৱিন্দ্ৰ কুমাৰ নাথৰ নেতৃত্বত গছপুলি সমূহৰ প্ৰতিপালনৰ বাবে তিনিশ গৰাকী স্বেচ্ছাসেৱকক "বৃক্ষ মিত্ৰ" নামাকৰণ কৰি সোমবাৰে প্ৰদান কৰা হয় দায়িত্ব । প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখনৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথৰ ১২ কিঃমিঃ দূৰত্ব সামৰি লোৱা হ'ব । উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথত গছ পুলি ৰোপণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক :খিলঞ্জীয়াৰ হাতত অৰ্পণ হ’ব অসমৰ ঐতিহাসিক ক্ষেত্ৰসমূহৰ সুৰক্ষাৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.