ETV Bharat / state

Price hike in Assam : মূল্যবৃদ্ধিৰ বিৰুদ্ধে সকলোকে প্ৰতিবাদ কৰিবলৈ আহ্বান শিল্পী হিমাংশু প্ৰসাদ দাসৰ

author img

By

Published : Aug 12, 2023, 2:02 PM IST

মূল্যবৃদ্ধি সন্দৰ্ভত নলবাৰীত সংবাদ মাধ্যমৰ আগত বিশিষ্ট কবি, শিল্পী হিমাংশু প্ৰসাদ দাসৰ প্ৰতিক্ৰিয়া ।

Himanshu Prasad Das slammed Govt against price hike in Nalbari
মূল্যবৃদ্ধিৰ বিৰুদ্ধে সকলোকে প্ৰতিবাদ কৰিবলৈ আহ্বান শিল্পী হিমাংশু প্ৰসাদ দাসৰ

আকাশলংঘী মূল্যবৃদ্ধি সন্দৰ্ভত সৰৱ শিল্পী হিমাংশু

নলবাৰী, 12 আগষ্ট : নলবাৰীত উপস্থিত হৈ আকাশলংঘী মূল্যবৃদ্ধি সন্দৰ্ভত সৰৱ শিল্পী হিমাংশু প্ৰসাদ দাস । প্ৰথমতে, হিমাংশু প্ৰসাদ দাসে সকলো একেই নাগৰিক বুলি সদৰী কৰে । সকলোৰে ভোক লাগে আৰু সেই ভোক নিয়ন্ত্ৰণৰ বাবে আহাৰ খাবই লাগিব বুলি কয় । গাড়ীখন চলাই নিবলৈ সকলোৱে তেল ভৰাবই লাগিব বুলি কৈ সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰি প্ৰতিবাদ কৰিবই লাগিব বুলি মত ব্যক্ত কৰে ।

সাম্প্ৰতিক সময়চোৱাত এজন লোকে বজাৰলৈ গ’লে মূল্যবৃদ্ধিয়ে কোনো লোককে মোনা ভৰাই বজাৰ কৰাবলৈ দিয়া নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে সকলোৱে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো উচিত বুলিও মত ব্যক্ত কৰে হিমাংশু প্ৰসাদ দাসে । বজাৰত বস্তৰ জুই চাই দাম বুলি উল্লেখ কৰি ৰাইজৰ দুৰ্দশাৰ এইখিনি সময়ত কোন কংগ্ৰেছ কোন বিজেপি বুলি এতিয়া আৰু পৰিচয় দিয়াৰ সময় নহয় বুলি কয় । আনকি নিৰ্বাচনত কাক ভোট দিছিল সেয়া চোৱাৰো এয়া সময় নহয় বুলি কয় শিল্পীগৰাকীয়ে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে সকলোকে একেলগ হ’বলৈ আহ্বান জনায় হিমাংশু প্ৰসাদ দাসে । আনহাতে হিমাংশু প্ৰসাদ দাসৰ জনপ্ৰিয় হৈ পৰা 'বেলচা' গীতটো সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমাংশু প্ৰসাদ দাসে । তেওঁ কয় যে গানটো প্ৰকাশ কৰাৰ আগলৈকেহে তেওঁৰ অৰ্থাৎ হিমাংশু প্ৰসাদ দাসৰ আছিল এতিয়া সেইটো ৰাইজৰ গীত । ৰাইজে বিচাৰিলে কোনোবা ৰাজনৈতিক সভাতো বজাব পাৰে, পিকনিকটো বজাব পাৰে । 'সেইটো এতিয়া মোৰ গীত নহয়' বুলি সদৰী কৰে ।

আনহাতে গীতটোৰে কংগ্ৰেছে প্ৰতিবাদ কৰাকলৈও মত ব্যক্ত কৰে হিমাংশু প্ৰসাদ দাসে । কংগ্ৰেছেও শাসনত থাকোতে মূল্যবৃদ্ধিৰে কোঙা কৰিছিল ৰাইজক । কেৱল গানটো বজাই প্ৰতিবাদ কৰিলেই নহ’ব বুলিও কয় শিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক : Miscreants firing : দুৰ্বৃত্তই চলোৱা গুলীচালনাত আঘাতপ্ৰাপ্ত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.