ETV Bharat / state

হেকাৰৰ জেকপ’ট; শিক্ষকৰ একাউণ্টৰ পৰা লুটিলে 8 লাখ 80 হাজাৰ টকা

author img

By

Published : Sep 25, 2022, 2:15 PM IST

Hacker looted 8 lakh 80 thousand from the account of the teacher
Hacker looted 8 lakh 80 thousand from the account of the teacher

ৰঙিয়াত পুনৰ হেকাৰৰ শেনচকু পৰিল এছ বি আই বেংক একাউন্টৰ ওপৰত ৷ এগৰাকী শিক্ষকৰ একাউণ্টৰ পৰা হেকাৰে লুটিলে 8 লাখ আশী হাজাৰ টকা (Hacker looted 8 lakh 80 thousand) ৷

ৰঙিয়া, 25 ছেপ্টেম্বৰ: ৰঙিয়াত হেকাৰৰ জেকপ’ট ৷ ৰঙিয়াত পুনৰ হেকাৰৰ শেনচকু পৰিল এছ বি আই বেংক একাউন্টৰ ওপৰত ৷ এগৰাকী শিক্ষকৰ একাউণ্টৰ পৰা হেকাৰে লুটিলে 8 লাখ আশী হাজাৰ টকা (Hacker looted 8 lakh 80 thousand) ৷

খবৰ অনুসৰি বৰদোঙা বটাকুছিৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মতিনৰ ভাৰতীয় ষ্টেট বেংকৰ একাউন্টৰ পৰা হেকাৰে আঠ লাখ আশী হাজাৰ টকা লুট কৰি লৈ যায় (Hacker looted huge amount of a teacher) ৷ বাক্সা জিলাৰ দেউলকুছি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মতিনে জীৱনৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধন এছ বি আই ৰঙিয়া শাখাৰ 10958252751 নম্বৰৰ একাউণ্টত জমা থৈছিল ।

দুদিন পূৰ্বে বেঙ্কৰ একাউণ্টৰ লগত সংযুক্ত হৈ থকা ভোডাফোনৰ ফোন নম্বৰটো হঠাতে কোনো কাৰণ নোহোৱাকৈ বন্ধ হৈ পৰা বুলি গম পায় শিক্ষকজনে । পিছদিনাখন শিক্ষকজনে নম্বৰটো পুনৰ সক্ৰিয় কৰাৰ উদ্দেশ্য ভোডাফোনৰ কাৰ্যালয়ত উপস্থিত হয় ৷ যদিও ভোডাফোনৰ কাৰ্যালয়ে নম্বৰটো ভোডাফোনৰ পৰা এয়াৰটেললৈ পৰ্যবসিত হোৱা বুলি জানিবলৈ দিয়ে

কথাটো জানিব পাৰি শিক্ষক গৰাকী হতভম্ব হৈ পৰে । তাৰ কিছুসময় পিছত শিক্ষক গৰাকীয়ে বেংকৰ পৰা ধন উলিয়াবলৈ গৈ তেওঁৰ একাউণ্টৰ পৰা ৮,৮০,০০০ টকা হৰলুকী হোৱা বুলি জানিব পাৰে । লগে লগে বেংকৰ পাছবুক আপটুডেট কৰে শিক্ষকগৰাকীয়ে ৷

শিক্ষকৰ একাউণ্টৰ পৰা লুটিলে 8 লাখ আশী হাজাৰ টকা

তাৰ পিছতে পাছবুকত তেওঁৰ একাউণ্টৰ পৰা সমুদায় ৭ বাৰ ট্ৰেনজেকশ্যন কৰি দুদিনৰ ভিতৰত একাউণ্টৰ পৰা ৮,৮০,০০০ টকা লুটি নিয়া হৈছে বুলি জানিবলৈ দিয়ে ৷ ফলত অসহায় গ্ৰাহকজন বৰ্তমান বেংক কতৃপক্ষ আৰু কঞা আৰক্ষীৰ কাষ চাপিছে ।

উল্লেখ্য যে কিছুদিন পূৰ্বেও ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক তথা পুব কণিহা ভৈয়ৰা প্ৰথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জাকিৰ হুছেইনৰ একাউন্টৰ পৰাও তিনিদিনৰ ভিতৰত ১৯ বাৰকৈ ট্ৰেনজেকশ্যন কৰি ৬ লাখ টকা লুটি নিছিল (Victim registered case)। কেইদিনমানৰ ভিতৰতে ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়াৰ শাখাৰ দুগৰাকী গ্ৰাহকৰ একাউণ্ট হেক কৰা ঘটনাই চিন্তিত কৰি তুলিছে ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকলক ।

লগতে পঢ়ক: ভেজাল খাদ্য সামগ্ৰীৰ ব্যৱসায় ৰোধত ব্য়ৰ্থ চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.