ETV Bharat / state

Old couple Story: এহাল ককা-আইতাৰ জীৱন সংগ্ৰাম

author img

By

Published : Aug 17, 2023, 8:30 PM IST

জীৱন মানেই আজীৱন সংগ্ৰাম ৷ জীৱনৰ বিয়লি বেলাতো জীৱন সংগ্ৰাম এটা বৃদ্ধ দম্পতীৰ ৷ জীৱন যাপনৰ এই দুৰ্বিষহ ছবিয়ে আপোনাৰো চকু সেমেকাই তুলিব ৷ মথাউৰিৰ ওপৰৰ এটি ভগা পঁজাত জীৱন নিৰ্বাহ এহাল ককা-আইতাৰ ৷

Old couple Story
এহাল ককা-আইতাৰ জীৱন সংগ্ৰাম

এহাল ককা-আইতাৰ জীৱন সংগ্ৰাম

নলবাৰী, 17 আগষ্ট: জীৱনৰ সংজ্ঞা সকলোৰে বাবেই ভিন্ন ভিন্ন ৷ কাৰোবাৰ বাবে জীৱন মানেই হৈছে যদি সুখ কাৰোবাৰ বাবে দুখ ৷ কিন্তু আপোনাৰ মোৰ জীৱনৰ সংজ্ঞাৰ বিপৰীতেও একাংশ লোকৰ জীৱন পৰিক্ৰমা দেখিলে আপোনাৰো বুঁকু কঁপি উঠিব ৷

এয়া একবিংশ শতিকা, ৰাজ্যবাসীক বুকু ফিন্দাই কোৱাৰ দৰে এইয়া হেনো অমৃত কাল ৷ এতিয়াৰ অসমত চাৰিওদিশে ৷ কিন্তু আজি আমি আপোনালোকক দেখুওৱাম 21 শতিকাৰ বিকশিত অসমৰ ফোঁপোলা স্বৰূপ ৷ স্বাধীন ভাৰতৰ অমৃত কালত অসমত আজিও আছে এমুঠি খাদ্য, এটি বাসস্থান, বস্ত্ৰৰ অভাৱত অতি দুৰ্দশাৰে জীৱন যাপন কৰা বহু লোক ৷ ঘৰ বাৰী হেৰুৱাই মথাউৰিত এটি ভঙা পঁজাত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে লোকে ৷ চৰকাৰৰ কোনো কল্যাণকামী আঁচনিয়ে ঢুকি নাপায় এইসকল লোকক ৷ এয়া নলবাৰীৰ দৃশ্য ৷ নলবাৰীৰ চতেমাৰীত মথাউৰিৰ ওপৰৰ এটা ভঙা পঁজাত জীৱন নিৰ্বাহ কৰিছে এটা বৃদ্ধ দম্পতীয়ে ৷

নাৰায়ণ দাসে পত্নী পদ্মা দাসৰ লগত এটা ভঙা পঁজাত বিগত দুবছৰ ধৰি অসহায়ভাৱে জীৱন যাপন কৰি আহিছে ৷ তেওঁৰ পত্নী পদ্মা দাস দৃষ্টিহীন হোৱাৰ লগতে বৰ্তমান অসুস্থ ৷ দুবছৰ পূৰ্বে বৃদ্ধ দম্পতীটোৱে ওচৰৰে অন্য এখন ঠাইত বসবাস কৰিছিল যদিও ঘৰটো ধুমুহাই উৰুৱাই লৈ গৈছিল । তাৰ পিছতে গাঁৱৰ ৰাইজে মিলি দম্পতীটোক মথাউৰিৰ ওপৰতেই জুপুৰি এটা সাজি দিয়ে ৷ তেতিয়াৰে পৰা এই ভঙা পঁজাটোত জীৱন যাপন কৰি আহিছে বৃদ্ধ দম্পতীটোৱে ।

দম্পতীটোৱে কেতিয়াবা যদি খুজি মাগি আনি খাইছে, কেতিয়াবা লঘোণে কটাইছে ৷ প্ৰধান মন্ত্ৰী আবাস যোজনা, অৰুণোদয় আঁচনি একো আঁচনিয়ে ঢুকি পোৱা নাই এই দৰিদ্ৰ পৰিয়ালটোক ৷ অঞ্চলটোৰ জনপ্ৰতিনিধি অথবা পঞ্চায়ত প্ৰতিনিধি কাৰোৱেই সময় নাই দৰিদ্ৰ দম্পতীটোৰ ওচৰত থিয় দিবলৈ ৷ জীৱনৰ বিয়লি বেলাত দম্পতীটোক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ঘৰ আৰু অৰুণোদয় আঁচনিৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: Minister Jayanta Malla Baruah : টীয়কত জল জীৱন মিছনৰ অধীনত নিৰ্মিত পানী যোগান আঁচনি পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.