ETV Bharat / state

নগাঁৱত হেৰ'ইনসহ আটক দুই মহিলা সৰবৰাহকাৰী

author img

By

Published : Jun 15, 2021, 3:56 PM IST

নগাঁও আৰক্ষী (Nagaon Police)ৰ জালত ড্ৰাগছ ব্যৱসায়ত জড়িত মহিলা ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত ধৰা পৰিছে ড্ৰাগছৰ সৰবৰাহকাৰী ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰতৰ অভিযান ৷

women arrested with drugs
নগাঁৱত হেৰ'ইনসহ আটক দুই মহিলা সৰবৰাহকাৰী

নগাঁও, 15 জুন : ৰাজ্যত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam Police) ৷ জিলাই জিলাই ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে আৰক্ষী অধীক্ষক সকল ৷ প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী (DRUGS PEDDLER) পৰিছে আৰক্ষীৰ জালত ৷

নগাঁৱত হেৰ'ইনসহ আটক দুই মহিলা সৰবৰাহকাৰী

একেদৰে নগাঁও জিলাত আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰ (Anand Mishra)ই যোগদান কৰাৰ পাচতে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে নগাওঁ আৰক্ষীয়ে ৷ সম্প্ৰতি জিলাখন অব্যাহত ৰখা হৈছে ড্ৰাগছ বিৰুদ্ধে তীব্ৰতৰ অভিযান ৷

women arrested with drugs
নগাঁৱত হেৰ'ইনসহ আটক দুই মহিলা সৰবৰাহকাৰী

তাৰ মাজতে নগাঁও আৰক্ষীয়ে (Nagaon Police) অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানত এইবাৰ জালত পৰিছে মহিলা ড্ৰাগছ ব্যৱসায়ী । নগাঁৱৰ ভকতগাঁও নাৰামাৰী অঞ্চলত নগাঁও আৰক্ষী (Nagaon Police)ৰ এটা দলে অভিযান চলাই আটক কৰে দুই মহিলা ড্ৰাগছ ব্যৱসায়ী । ধৃত হিফজুৰ নেহাৰ আৰু আচলিমা খাতুন নামৰ দুই মহিলাৰ ঘৰৰ পৰা আৰক্ষীৰ দলটোয়ে হেৰ'ইনৰ লগতে নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয় ।

ড্ৰাগছৰ ব্যৱসায়ত জড়িত ধৃত মহিলা দুগৰাকীক আছাদুল নামৰ এজন লোকে ধনৰ যোগান দিয়াৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । সম্প্ৰতি সমগ্ৰ ঘটনাৰ সৰ্ন্দভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷ অতিশীঘ্ৰে এই ব্যৱসায়ৰ লগত জড়িত দুষ্ট চক্ৰটোক কৰায়ত্ব কৰা হ’ব বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷

লগতে পঢ়কঃ কোকৰাঝাৰৰ দুই ভগ্নীৰ মৃত্যুৰ ৰহস্য ফাদিল মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.