ETV Bharat / state

বালিজুৰি বনবাহানিত বন্যহস্তীৰ আতংক

author img

By

Published : Aug 16, 2021, 7:14 PM IST

বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰিছে বালিজুৰিত ৷ নিশা ভাগত খাদ্য সন্ধানত এটা বন্যবস্তীৰ জাকে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বালিজুৰি বন বাহানিৰ কেইবাটাও পৰিয়ালৰ ঘৰত তাণ্ডৱ চলাই ৷

wild elephant attack
ডিলকাবস্তিৰ পাচত বালিজুৰি বনবাহানিত বন্যহস্তীৰ আতংক

চামগুৰি, 16 আগষ্ট : নগাঁও জিলাৰ চামগুৰিৰ দিলকাবস্তিৰ পাচত এইবাৰ বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰিছে বালিজুৰিত ৷ খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তীৰ জাকে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বালিজুৰি বন বাহানিৰ কেইবাটাও পৰিয়ালৰ ঘৰত তাণ্ডৱ চলাই ৷

বিশেষকৈ বালিজুৰি বন বাহানিৰ নিবাসী জুলন বৰা নামৰ এজন লোকৰ বাসগৃহত মাজ নিশা তিনিজনীয়া এটা বন্যহস্তীৰ জাকে প্ৰৱেশ কৰি ভঁৰাল ঘৰ ভাঙি ধান খোৱাৰ লগতে প্ৰায় কেইবা কুইন্টল ধান নষ্ট কৰি থৈ যায় ৷ সাংবাদিকক জানিবলৈ দিয়া মতে ইয়াৰ পূৰ্বে কেইবাৰো বন্যহস্তীয়ে তাণ্ডৱ চলাইছে জুলন বৰাৰ ঘৰত ৷

লগতে পঢ়ক:বন্যহস্তীৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে চামগুৰিবাসীয়ে

জুলন বৰাৰ পৰিয়লাৰ লোকে সাংবাদিকৰ আগত কয়, স্থানীয় বন বিভাগক বহুবাৰ বন্যহস্তীয়ে তাণ্ডৱ চলোৱা কথা অৱগত কৰা হৈছে ৷ কিন্তু বন বিভাগে আজিকোপতি বন্যহস্তীৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ইফালে, বন্যহস্তীয়ে বিস্তৰ ক্ষতিসাধন কৰাৰ পাচতো কিন্তু বিভাগৰ ফালৰ কোনো ধৰণৰ সাহায্য লাভ কৰা নাই বুলি জানিবলৈ দিয়ে জুলন বৰাৰ পৰিয়ালে ৷

ইয়াৰ পূৰ্বে চামগুৰিৰ দিলকাবস্তিৰ এখন চাহ বাগানত তিনিজনীয়া এটা বন্যহস্তীৰ জাকে দিন দুপৰতে অৱস্থান কৰাক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হোৱাৰ এক খবৰ পোৱা গৈছিল ৷ বন বিষয়া সকলৰ হেমাহিৰ বাবেই বন্যহস্তী কেইটাক খেদি পঠিয়াবলৈ আজিকোপতি সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় লোকে ৷

লগতে পঢ়ক: তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেবৰ

অভিযোগ অনুসৰি, কোনো সময়ত পৰ্যাপ্ত বনকৰ্মী অভাৱৰ বাবে কেৱল মাত্ৰ আতচবাজী ফুটাই হাতী কেইটা খেদিবলৈ চেষ্টা চলাই যদিও সফল হ'ব পৰা নাই বন বিভাগ ৷ এনে পৰিস্থিতিত বৃহত্তৰ চামগুৰি অঞ্চলত বিগত বহুদিন ধৰি উপদ্ৰৱ চলাই থকা বন্যহস্তীৰ জাক কেইটাক শীঘ্ৰেই খেদি পঠিয়াবলৈ সংশ্লিষ্ট বন বিভাগক পুনৰবাৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: সুস্মিতা হতাশগ্ৰস্ত : ভূপেন বৰাৰ প্ৰথম প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.