ETV Bharat / state

প'ষ্টেল বেলটঃ নগাঁৱত ভোটাৰক সজাগ কৰাৰ প্ৰয়াস প্ৰশাসনৰ

author img

By

Published : Mar 4, 2021, 5:21 PM IST

প্ৰথমবাৰৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে প'ষ্টেল বেলটৰ জৰিয়তে বিশেষভাৱে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদান কৰিছে । ৮০ৰ উৰ্ধ্বৰ ভোটাৰ, COVID-১৯ত আক্ৰান্ত আৰু বিশেষভাৱে সক্ষম লোকে ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব । এই সন্দৰ্ভত ভোটাৰক সজাগ কৰাৰ বাবে নগাঁৱৰ চাৰিওটা সমষ্টিত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ।

প'ষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰাক লৈ নগাঁৱত ভোটাৰক সজাগ কৰাৰ প্ৰয়াস প্ৰশাসনৰ
প'ষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰাক লৈ নগাঁৱত ভোটাৰক সজাগ কৰাৰ প্ৰয়াস প্ৰশাসনৰ

নগাঁও, ৪ মাৰ্চ: প'ষ্টেল বেলটৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰাক লৈ নগাঁও নিৰ্বাচনী জিলাৰ প্ৰশাসনে ভোটাৰক সজাগ কৰাৰ বাবে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে নগাঁৱৰ চাৰিওটা সমষ্টিত মোবাইল বাহনেৰে পৰিভ্ৰমণ কৰি এই বিষয়ত বিষদ তথ্য বৰ্ণনা কৰি ঘোষণা কৰা হয় । জিলা প্ৰশাসনৰ তৰফৰ পৰা অনুপ্ৰেৰণামূলক গীতৰ জৰিয়তে সজাগতামূলক অভিযান চলোৱা হৈছে ।

প'ষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰাক লৈ নগাঁৱত ভোটাৰক সজাগ কৰাৰ প্ৰয়াস প্ৰশাসনৰ
প'ষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰাক লৈ নগাঁৱত ভোটাৰক সজাগ কৰাৰ প্ৰয়াস প্ৰশাসনৰ

প'ষ্টেল বেলটৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে একাংশ ভোটাৰক ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ প্ৰদান কৰিছে । ৮০ৰ উৰ্ধ্বৰ ভোটাৰ, COVID-১৯ত আক্ৰান্ত আৰু বিশেষভাৱে সক্ষম লোকে এই সুবিধা গ্ৰহণ কৰিব পাৰিব । ইতিমধ্যে,জিলাখনৰ চাৰিওটা সমষ্টিতে প'ষ্টেল বেলটৰ জৰিয়তে ভোটাদান কৰিব বিচৰা ভোটাৰৰ পৰা ১২(ডি)নং আবেদন পত্ৰৰ জৰিয়তে তেখেতসকলৰ তথ্যসমূহ সংগ্ৰহ কৰিছে নিৰ্বাচনী কাৰ্য়ালয়ৰ বিষয়াই ।

প'ষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰাক লৈ নগাঁৱত ভোটাৰক সজাগ কৰাৰ প্ৰয়াস প্ৰশাসনৰ
প'ষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰাক লৈ নগাঁৱত ভোটাৰক সজাগ কৰাৰ প্ৰয়াস প্ৰশাসনৰ

কোনো নাগৰিকে যদি এতিয়াও এই সুবিধা গ্ৰহণ কৰিব খোজে, তেন্তে তেওঁলোকে অহা ৬ মাৰ্চৰ ভিতৰত তেওঁলোকৰ সংশ্লিষ্ট বি এল অ'ৰ দ্বাৰা প্ৰদত্ত প্ৰমাণ পত্ৰৰ সৈতে ১২(ডি)নং আবেদন পত্ৰ দাখিল কৰি তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।


লগতে পঢ়ক:তিনিচুকীয়াত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.