ETV Bharat / state

Facebook Post on ULFA I: আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ হ’ল এটি সন্তানৰ মাতৃ

author img

By

Published : Aug 10, 2022, 5:51 PM IST

আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল নগাঁৱৰ এগৰাকী মহিলা ৷ তপন দাস নামৰ এগৰাকী বিজেপি নেতাৰ অত্যাচাৰত অতিষ্ঠ হৈ আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰা বুলি মন্তব্য কৰিছে মহিলাগৰাকীয়ে(Facebook Post on ULFA I) ৷

Facebook Post on ULFA I
আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ হ’ল এটি সন্তানৰ মাতৃ

নগাঁও, 10 আগষ্ট: ফেচবুকৰ জৰিয়তে আলফাত যোগদানৰ আশা প্ৰকাশ কৰি এইবাৰ গ্ৰেপ্তাৰ হ’ল জনসংযোগ বিভাগৰ এগৰাকী বিষয়াৰ পত্নী ৷ অসম আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি আলফাত যোগদানৰ মুকলিকৈ ইচ্ছা প্ৰকাশ কৰি আৰক্ষীৰ জালত পৰিল মহিলাগৰাকী ।

জনসংযোগ বিভাগত কৰ্মৰত এগৰাকী বিষয়াৰ পত্নী শ্বিপৰা দত্তই সামাজিক মাধ্যমত প'ষ্ট দিছিল আলফাত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰি । ফেচবুকত আলফা স্বাধীনত যোগদানৰ কৰাৰ কথা উল্লেখ কৰি প'ষ্ট দিয়াৰ পাচতেই তৎপৰ হৈ পৰে নগাঁও আৰক্ষীয়ে । ফেচবুকত প'ষ্ট দিয়া মহিলাগৰাকীক মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে গুৱাহাটীস্থিত স্বামীৰ চৰকাৰী আবাসৰ পৰা আটক কৰিবলৈ সক্ষম হয় (Nagaon woman arrested for Facebook post on ULFA)।

আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ হ’ল এটি সন্তানৰ মাতৃ

সম্প্ৰতি নগাঁও আৰক্ষীৰ জিম্মাত থকা মহিলাগৰাকীয়ে তপন দাস নামৰ এগৰাকী বিজেপি নেতাৰ অত্যাচাৰত অতিষ্ঠ হৈ আলফাত যোগদানৰ ইচ্চা প্ৰকাশ কৰি মন্তব্য দিয়া বুলি সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে । ইপিনে মহিলাগৰাকীয়ে আৱেগিক হৈ ফেচবুকত প'ষ্ট দিয়া বুলি মন্তব্য কৰে মহিলাগৰাকীৰ স্বামীয়ে ।

উল্লেখ্য যে, অলফাক সমৰ্থন কৰা নৱ বৰা নামৰ আন এজন যুৱককো এদিন পূৰ্বে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল নগাঁও আৰক্ষীয়ে (Youth arrested for supporting ULFA I)। ছচিয়েল মিডিয়াত অলফাত যোগদানৰ প'ষ্ট দি আটক হোৱা মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: Job for sports person: কষ্ট কৰি খেলা যুৱক-যুৱতীক সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান প্ৰণিতা চুতীয়াৰ মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.