ETV Bharat / state

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি

author img

By

Published : Feb 9, 2022, 11:02 PM IST

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি । তাৎক্ষণিকভাৱে আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি নগাঁৱৰ আৰক্ষী অধীক্ষকজনক ।

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি
আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : অৱশেষত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি । তাৎক্ষণিকভাৱে আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি নগাঁৱৰ আৰক্ষী অধীক্ষকজনক । ভুৱা এনকাউন্টাৰত আনন্দ মিশ্ৰৰ নাম জড়িত হৈ পৰিছিল ।

উল্লেখ্য যে, নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাক গুলীচালনা কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাক লৈ ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ তদন্ত সমিতিয়ে মংগলবাৰে চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল । তাৰ পিছতে এছ আই প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ লগতে নগাৱৰ এন্টি নাৰ্কটিক স্কোৱাডো ভংগ কৰি তাৰ সকলো সদস্যকো তাৎক্ষণিকভাৱে নগাঁও জিলাৰ বাহিৰলৈ বদলি কৰা হয় ।

বুধবাৰে দিনৰ ভাগত এই বিষয়ে এচ পি আনন্দ মিশ্ৰই সংবাদমেল সম্বোধন কৰিছিল । সংবাদমেল সম্বোধন কৰাৰ পিছতে বুধবাৰে নিশা তাৎক্ষণিকভাৱে আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰে এচ পি আনন্দ মিশ্ৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.