ETV Bharat / state

Shiv Mandir Construction: মাটি বিক্ৰী কৰা ধনেৰে নগাঁৱত মন্দিৰ নিৰ্মাণ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ

author img

By

Published : Oct 28, 2022, 8:35 PM IST

nagaon
nagaon

ব্যক্তিগত ধন-সম্পত্তি গঢ়াৰ বিপৰীতে ভগৱানৰ আৰ্শীবাদ বিচাৰি মন্দিৰ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰিছে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল কুমাৰ বৰাই (Nagaon retired police officer constructed Shiv Mandir) ।

নগাঁও, ২৮ অক্টোবৰ : নগাঁৱত নিজৰ গাঁঠিৰ ধনেৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই নিৰ্মাণ কৰিলে মন্দিৰ (Shiv Mandir constructed by own money) । ৫০ লাখ টকা ব্যয়েৰে শিৱ মন্দিৰ নিৰ্মাণত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক সহযোগিতা আগবঢ়ায় বন্ধুবৰ্গই । নগাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ এক ব্যতিক্ৰমী প্ৰয়াস ।

Shiv Mandir Construction : মাটি বিক্ৰী কৰা ধনেৰে নগাঁৱত মন্দিৰ নিৰ্মাণ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ

যিটো সময়ত বৈষয়িক দিশৰ ওপৰত মানুহে অধিক মনোনিবেশ কৰা দেখা গৈছে, তেনে এক সময়তে এক আদৰ্শ দাঙি ধৰিছে এইগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই (Nagaon ex police officer ideal work) । ব্যক্তিগত সম্পত্তিৰ পাহাৰ গঢ়ি মানুহে নিজৰ ভোগ-বিলাসতেই মত্ত থকাৰ সময়ত এইগৰাকী ব্যক্তিৰ এনে আধ্যাত্মিক কাৰ্য তথা ৰাইজৰ হকে কাম কৰাৰ মানসিকতাই সমাজত যে এতিয়াও ভাল মানুহ আছে তাৰে চানেকি দাঙি ধৰিছে ।

ব্যক্তিগত ধন-সম্পত্তি গঢ়াৰ বিপৰীতে ভগৱানৰ আৰ্শীবাদ বিচাৰি মন্দিৰ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল কুমাৰ বৰাই (Nagaon retired police officer constructed Shiv Mandir) । নগাঁও চহৰৰ সমীপৰ বিৰহ বেবেজিয়াৰ নিবাসী প্ৰফুল্ল কুমাৰ বৰাই ৫০ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিয়াইলে অক্ষয় গুণ নামেৰে এটি আটক ধুনীয়া শিৱ মন্দিৰ ।

শুকুৰবাৰে শিৱ মন্দিৰটিৰ শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই (Nagaon MLA Rupak Sarma) । উল্লেখ্য, মন্দিৰটিৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিবলৈ প্ৰফুল্ল কুমাৰ বৰাৰ প্ৰায় তিনি বছৰ সময়ৰ প্ৰয়োজন হৈছিল । ইয়াৰ উপৰি অক্ষয় গুণ নামৰ শিৱ মন্দিৰটৈ নিৰ্মাণ কৰাৰ সময়ত প্ৰফুল্ল কুমাৰ বৰাক তেওঁৰ বন্ধুবৰ্গই যথেষ্ট সহায় কৰা বুলিও জানিবলৈ দিয়ে প্ৰফুল্ল কুমাৰ বৰাই ।

উল্লেখ্য, অক্ষয় গুণ শিৱ মন্দিৰ নিৰ্মাণৰ বাবে প্ৰফুল্ল কুমাৰ বৰাই তেওঁৰ গাঁঠিৰ ধন খৰচ কৰাৰ উপৰি বিক্ৰী কৰে কেইবা বিঘা মাটিও । উলেখ্য যে প্ৰফুল্ল কুমাৰ বৰাই ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে হোজাইতো উপ-আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল । পাছত তেওঁ গুৱাহাটীৰ পৰা যান-বাহন শাখাৰ সহকাৰী আয়ুক্ত আৰক্ষী বিষয়া হিচাপে অৱসৰগ্ৰহণ কৰে ।

লগতে পঢ়ক :Last journey of Nipon Goswami: ৰাজ্যিক মৰ্যা দা ৰ্যা ৰে নিপন গোস্বামীৰ শেষকৃত্য সম্পন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.