ETV Bharat / state

Nagaon Police Raid: আনন্দ মিশ্রৰ লখিমপুৰত নগাঁও আৰক্ষীৰ অভিযান

author img

By

Published : Jul 24, 2023, 9:53 AM IST

Nagaon Police Raid in Lakhimpur Against Car Thief
লখিমপুৰত তিনিটাকৈ গাড়ী চোৰ কৰায়ত্ব নগাঁও আৰক্ষীৰ

গাড়ী চোৰৰ বিৰুদ্ধে লখিমপুৰত অভিযান নগাঁও আৰক্ষীৰ ৷ চুৰি গাড়ীসহ তিনিটাকৈ গাড়ী চোৰ কৰায়ত্ব নগাঁও আৰক্ষীৰ ৷ লগতে দেওবাৰে নগাঁৱৰ চামগুৰিৰ ডাউন-টাউনত চলোৱা তালাচীৰ সময়ত জব্দ শোণিতপুৰ জিলাৰ পৰা চুৰি হোৱা এখন দুচকীয়া বাহন ৷

নগাঁও, 24 জুলাই : লখিমপুৰত পুনৰ অভিযান নগাঁও আৰক্ষীৰ ৷ এইবাৰ নকল সোণ অথবা জালনোটৰ বিৰুদ্ধে নহয়; গাড়ী চোৰৰ বিৰুদ্ধে লখিমপুৰত অভিযান নগাঁও আৰক্ষীৰ ৷ লখিমপুৰৰ পৰা চুৰি গাড়ীসহ তিনিটাকৈ গাড়ী চোৰ কৰায়ত্ব নগাঁও আৰক্ষীৰ ৷ লগতে নগাঁৱতো গাড়ী চোৰৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ ৷

আৰক্ষী অধীক্ষক হিচাবে অধীষ্ঠিত হৈ থকা তথা সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ লখিমপুৰত এইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলালে নগাঁও আৰক্ষীয়ে ৷ অৱশ্যে নকল সোণ অথৱা জালনোটৰ বিৰুদ্ধে নহয়; গাড়ী চোৰৰ বিৰুদ্ধে লখিমপুৰ জিলাত নগাঁও আৰক্ষীয়ে অভিযান চলাই লাভ কৰিলে সফলতা ৷ লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী থানাৰ অধীনৰ দৈ মুখত অভিযান চলাই চুৰি গাড়ীসহ তিনি গাড়ী চোৰক আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী ৷

নগাঁও আৰক্ষীয়ে লাভ কৰা এক অভিযোগৰ ভিত্তিত দেওবাৰে লখিমপুৰ জিলাত উপস্থিত হৈ অভিযান চলাই আৰক্ষীৰ এটা দলে ৷ গাড়ী চোৰৰ সন্ধানত চলোৱা অভিযানত নগাঁও আৰক্ষীৰ দলটোৱে এখন টাটা ম’বাইল বাহন জব্দ কৰাৰ লগতে চুৰি কাৰ্যত জড়িত থকাৰ অভিযোগত তিনিজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখযোগ্য যে, পূৰ্বে লখিমপুৰ জিলাতেই নকল সোণ আৰু জালনোটৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ বিতৰ্কত সাঙোৰ খাই ৰহস্যজনক মৃত্যুক সাৱটিবলগীয়া হৈছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই ৷ যি গৰাকী আৰক্ষী বিষয়াৰ মৃত্যুক লৈ অসম আৰক্ষীয়েই নহয় চিবিআইয়ে অব্যাহত ৰাখিছে তদন্ত ৷

ইফালে দেওবাৰে নগাঁৱতো গাড়ী চোৰৰ বিৰুদ্ধে অভিযান চলাই নগাঁও আৰক্ষীয়ে লাভ কৰিছে সফলতা ৷ দেওবাৰে নগাঁৱৰ চামগুৰিৰ ডাউন-টাউনত চলোৱা তালাচীৰ সময়ত জব্দ শোণিতপুৰ জিলাৰ পৰা চুৰি হোৱা এখন দুচকীয়া বাহন ৷ তালাচীৰ সময়ত নগাঁও আৰক্ষীয়ে AS 12 T 8871 নম্বৰৰ বাইকখন জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ তেজপুৰৰ মহাভৈৰৱৰ পৰা বাইকখন চুৰি হোৱাৰ তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে ৷

গাড়ী চোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীয়ে ধৃত লোকজনকো অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে, নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে নৱনীত মহন্তই যোগদান কৰাৰ পিছৰে পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক সদৰ সুপ্ৰতিভ লাল বৰুৱা আৰু অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পার্থপ্ৰতীম শইকীয়াৰ সহযোগত বিভিন্ন অপৰাধৰ বিৰুদ্ধে অব্যাহত ৰখা ধাৰাবাহিক অভিযানত লাভ কৰিছে বহুকেইটা সফলতা ৷

লগতে পঢ়ক : Cyber crime in Assam: মৰিগাঁৱত ১০৫ খন ছিম কাৰ্ডসহ দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.