ETV Bharat / state

Money lender terror: নগাঁৱত পুনৰ সুদখোৰৰ সন্ত্ৰাস

author img

By

Published : Oct 26, 2022, 4:22 PM IST

Updated : Oct 28, 2022, 9:31 AM IST

নগাঁৱত সুদখোৰৰ সন্ত্ৰাসত অতিষ্ঠ পৰিয়াল (Money lender harassment)। ভুক্তভোগী পৰিয়ালৰ অভিযোগ থানাত । ইয়াৰ পূৰ্বে দুবাৰকৈ গ্ৰেপ্তাৰ হৈছিল ইৰাণ নামৰ সুদখোৰটো ।

Nagaon
নগাঁৱত পুনৰ সুদখোৰৰ সন্ত্ৰাস

নগাঁও,২৬ অক্টোবৰ : নগাঁৱত পুনৰ সুদখোৰৰ সন্ত্ৰাস (Money lender terror in Nagaon)। সুদখোৰে হাৰাশাস্তি কৰিছে এটা পৰিয়ালক । অতিষ্ঠ পৰিয়ালে দাখিল কৰিলে পূৰ্বে দুবাৰকৈ গ্ৰেপ্তাৰ হোৱা সুদখোৰ ইৰাণৰ বিৰুদ্ধে এজাহাৰ । সুদৰ টকা বিচাৰি এটা পৰিয়ালক হাৰাশাস্তি কৰাৰ অভিযোগত আৰক্ষী থানাত পৰিয়ালটোৱে দাখিল কৰিলে এজাহাৰ । অৱশেষত ভুক্তভোগী পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ তদন্ত আৰম্ভ ।

এই ঘটনা নগাঁৱৰ ফৌজদাৰীপট্টিৰ । সুদৰ টকা আদায়ৰ নামত বিভিন্নজনক হাৰাশাস্তি কৰাৰ অভিযোগত দুবাৰকৈ গ্ৰেপ্তাৰ হোৱা সুদখোৰ ইৰাণৰ বিৰুদ্ধে পুনৰ সুদৰ টকা আদায়ৰ নামত এটা পৰিয়ালক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে । মঙলবাৰে নিশা নগাঁৱৰ খ্ৰীষ্টানপট্টিত ইৰাণ নামৰ সুদৰ ব্যৱসায়ীজনে টকা আদায়ৰ নামত মইনুল হুছেইন নামৰ এগৰাকী ব্যক্তিক প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে (Money lender allegedly harassed a family)।

নগাঁৱত পুনৰ সুদখোৰৰ সন্ত্ৰাস

সুদৰ ধন বিচাৰি নিশা ইৰাণে পুনৰ ফৌজদাৰীপট্টিৰ পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ একপ্ৰকাৰ তাণ্ডৱ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৰ এগৰাকী মহিলাই । আনকি মহিলাগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ উপৰিও প্ৰহাৰ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । ঘটনা সন্দৰ্ভত ইৰাণৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মইনুল নামৰ লোকজনৰ পত্নীয়ে । নিশাই নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ ন্যায় বিচাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে মহিলাগৰাকীয়ে ।

উল্লেখ্য, পূৰ্বে আনন্দ মিশ্ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক হৈ থকা সময়তো সুদৰ টকা আদায়ৰ নামত একাংশ লোকক হাৰাশাস্তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল আৰু জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল ইৰাণ ওৰফে ইমৰাণ হুছেইনক । পৰৱৰ্তী সময়ত সেই সময়ৰ নগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাইয়ো গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছিল ইৰাণক । কিন্তু দুবাৰকৈ গ্ৰেপ্তাৰ হৈ জামিনত মুক্তি লাভ কৰা ইৰাণৰ বিৰুদ্ধে পুনৰ সুদৰ টকা আদায়ৰ নামত সন্ত্ৰাস চলোৱাৰ অভিযোগে আচৰিত কৰি তুলিছে একাংশ সচেতন লোকক ।

লগতে পঢ়ক :Gambler arrested in Moran: জুৱাৰ ঘাটি উৎখাত কৰিলে মৰাণ আৰক্ষীয়ে

Last Updated : Oct 28, 2022, 9:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.