ETV Bharat / state

৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলে দিছে কংগ্ৰেছৰ বিপৰ্যয়ৰ ইংগিত: বিধায়ক শশীকান্ত দাস

ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ বিধায়ক শশীকান্ত দাস । পাঁচ ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ সফলতাৰ আঁৰত ডঃ হিমন্ত বিশ্ব শৰ্মা । নগাঁৱৰ কহিগুৰি উপ স্বাস্থ্যকেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি বিধায়ক শশীকান্ত দাসৰ মন্তব্য । স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰো প্ৰশংসা শশীকান্ত দাসৰ ।

Sashikanta Das on CM Himanta Biswa Sarma
৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলে দিছে কংগ্ৰেছৰ বিপৰ্যয়ৰ ইংগিত; বিধায়ক শশীকান্ত দাস

Published : December 7, 2023 at 7:28 PM IST

Choose ETV Bharat
মুখ্যমন্ত্ৰীক প্ৰশংসা বিধায়ক শশীকান্ত দাসৰ

নগাঁও, ৭ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি বিধায়ক শশীকান্ত দাসৰ মন্তব্য, “ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰেই নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰো এগৰাকী সফল নেতা । সদ্যঘোষিত পাঁচ ৰাজ্যৰ ফলাফলত বিজেপিয়ে লাভ কৰা সফলতাৰ মূল কৃতিত্ব অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।"

আনহাতে, পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলক লৈ কংগ্রেছকো কটাক্ষ কৰি বিধায়ক শশীকান্ত দাসে মন্তব্য প্ৰকাশ কৰে । "পাঁচ ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ ইংগিত বহন কৰিছে ।” এই মন্তব্য ৰহা সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ । আনহাতে, কংগ্ৰেছৰ এতিয়া আত্মসমালোচনা কৰাৰ প্ৰয়োজন বুলিও মন্তব্য বিধায়ক শশীকান্ত দাসৰ ।

উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত বৃহস্পতিবাৰে নগাঁৱৰ বাৰপুজীয়াৰ কহিগুৰি উপ স্বাস্থ্যকেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি শাসকীয় বিজেপি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিধায়ক শশীকান্ত দাস । বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সম্প্ৰতি ৰাজ্যৰ প্ৰতিটো খণ্ডতেই উন্নয়ন সম্ভৱ হৈ উঠিছে বুলি মন্তব্য কৰে বিধায়ক শশীকান্ত দাসে ।

বিশেষকৈ ৰাজ্যৰ স্বাস্থ্য খণ্ডতো এক আমুল পৰিৱৰ্তনৰ দিশে ৰাজ্যখন আগবাঢ়িছে বুলিও নিজৰ ভাষণত উল্লেখ কৰে ৰহা সমষ্টিৰ বিধায়কগৰাকীয়ে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ বলিষ্ঠ পদক্ষেপৰ বাবে ৰাজ্যৰ ভিতৰুৱা গ্ৰামাঞ্চলতো অত্যাধুনিক চিকিৎসা সেৱাৰ ব্যৱস্থা হ'বলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে বিধায়ক শশীকান্ত দাসে ।

ৰহা সমষ্টিতেই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মুঠ ১২ টাকৈ উপ স্বাস্থ্যকেন্দ্ৰৰ অত্যাধুনিক গৃহ লাভ কৰা বুলিও উল্লেখ কৰে বিধায়ক শশীকান্ত দাসে । ভিতৰুৱা গ্ৰামাঞ্চলত উপ স্বাস্থ্যকেন্দ্ৰসমূহৰ জৰিয়তে গাঁৱৰ ৰোগীসকলে বহুখিনি সকাহ লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে ।

বৃহস্পতিবাৰে কহিগুৰি উপ স্বাস্থ্যকেন্দ্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক শশীকান্ত দাসৰ লগতে বাৰপুজীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য বিষয়া ডাঃ গুণ গোবিন্দ দত্ত, বাৰপুজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰগ্ৰেম মেনেজাৰ নাজিয়া খান, বাসু ডেকা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অভিযন্তা চন্দন মজুমদাৰ, কহিগুৰি উপ স্বাস্থ্যকেন্দ্ৰৰ বিষয়া ৰূপম ইংতি, বিশিষ্ট সমাজকৰ্মী তথা অগপ নেতা ৰঞ্জন বৰা, স্থানীয় পঞ্চায়ত সভাপতিকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :ৰাজ্যৰ ১৯ জিলাত ১০ ডিচেম্বৰত পলিঅ' অভিযান