ETV Bharat / state

MLA Rakibul Hussain: সমষ্টিলৈ অহা-যোৱা কৰি কঁকালৰ বিষ ৰকিবুল হুছেইনৰ !

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 2:36 PM IST

বিধ্বস্ত পথেৰে সমষ্টিবাসীৰ ওচৰলৈ অহা-যোৱা কৰি কঁকালৰ বিষত ভুগিছে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে খোদ বিধায়কগৰাকীয়ে । অভাৰ লোডিং ডাম্পাৰৰ চলাচলৰ বাবেই পথ বিধ্বস্ত হৈ পৰাৰ অভিযোগ বিধায়কগৰাকীৰ ।

MLA Rakibul Hussain complaine against crusher owner
সমষ্টিলৈ অহা-যোৱা কৰি কঁকালৰ বিখ ৰকিবুল হুছেইনৰ !

চামগুৰি,৯ নৱেম্বৰ: কঁকালৰ বিষত থাকিব নোৱাৰা হৈছে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন । ইয়াৰ বাবে জগৰীয়া কৰিলে শাসনাধিষ্ট চৰকাৰক । পথৰ দুৰৱস্থাৰ বাবেই পূজা চাবলৈ যাওতেই কঁকালৰ বিষত ভুগিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে বিধায়ক ৰকিবুল হুছেইনে ৷

বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি চামগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদমাৰীলৈকে সংযোগী পথটোৰে প্ৰতিদিনে চলি আছে অভাৰ লোডিং একাংশ ডাম্পাৰ । এই অভাৰ লোডিং ডাম্পাৰে তেজপুৰৰ বিমানবন্দৰলৈ শিল কঢ়িয়াই বুলি জানিবলৈ দিয়ে ডাম্পাৰৰ চালকে । চামগুৰিত ৰাইজে অভাৰ লোডিং ডাম্পাৰ আৱদ্ধ কৰাৰ পিছতে এই মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

ৰাইজে অভাৰ লোড কৰি অহা ডাম্পাৰসমূহ আৱদ্ধ কৰাৰ পাছতে একাংশ ডাম্পাৰ চালকে কঢ়িয়াই অনা অতিৰিক্ত শিলসমূহ ৰাস্তাৰ কাষত পেলাই লোড কমোৱাৰ চেষ্টা কৰে । আনহাতে সাংবাদিকৰ প্ৰশ্নত ডাম্পাৰৰ মালিকে চালকসকলক অধিক পৰিমাণৰ শিল কঢ়িয়াই নিবলৈ অনুমতি দিয়ে বুলি সদৰী কৰে । স্থানীয় ৰাইজৰ মতে উদমাৰীস্থিত বন বিভাগৰ বিষয়া লগত গোপন মিতিৰালি আছে এইসকল শিলৰ কোঁৱেৰীৰ মালিকৰ ।

আনহাতে সেই পথেৰে সমষ্টি বাসীৰ ওচৰলৈ গ'লে চামগুৰি সমষ্টিৰ কংগ্রেছী বিধায়ক ৰকিবুল হুছেইনৰ কঁকালৰ বিষ হয় । বিধায়কগৰাকীৰ অভিযোগ অনুসৰি আৰ এছ গান্ধী নামৰ এগৰাকী ব্যক্তিৰ ক্ৰাচাৰৰ পৰা এই ডাম্পাৰসমূহে অভাৰ লোডিং কৰি শিল কঢ়িয়াই । যাৰ বাবে সেই পথটো বৰ্তমান বিধস্ত হৈ পৰিছে । ৰাজ্য চৰকাৰৰ লগত এছ এছ গান্ধীৰ সু-সম্পৰ্ক থকাৰ বাবেই এছ এছ গান্ধীয়ে এই দৰে মইমতালি কৰাৰো অভিযোগ উত্থাপন কৰে বিধায়ক ৰকিবুলে হুছেইনে ।

লগতে পঢ়ক: Tragic road Mishap: 24 ঘণ্টাত কেইবাটাও পথ দুৰ্ঘটনা, ৰাজপথত মৃতদেহ লৈ ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.