ETV Bharat / state

Ranjeet Kumar Dass slams Congress : কংগ্ৰেছ চাঙে চাঙে; বিজেপি জনতাৰ হৃদয়ে হৃদয়ে: ৰণজিৎ কুমাৰ দাস

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 7:39 PM IST

Chaange Chaange Congress
চাঙে চাঙে কংগ্ৰেছ কাৰ্যসূচীক তীব্ৰ কটাক্ষ

চাঙে চাঙে কংগ্ৰেছ কাৰ্যসূচীক তীব্ৰ কটাক্ষ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ কংগ্ৰেছৰ যোগদান কাৰ্যসূচীকো কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷

কংগ্ৰেছক তীব্ৰ কটাক্ষ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

নগাঁও, 15 অক্টোবৰ : নগাঁৱত উপস্থিত হৈ কংগ্রেছক আক্ৰমণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ কংগ্ৰেছ চাঙে চাঙে, বিজেপি জনতাৰ হৃদয়ে হৃদয়ে বুলি কংগ্ৰেছক কটাক্ষ কৰে মন্ত্ৰীজনে ৷ কুকুৰে মানুহক কামোৰাটো যিদৰে বাতৰি নহয়, একেদৰে দুই-এজন নেতাই কংগ্ৰেছত যোগদান কৰাটোও বাতৰি হ'ব নোৱাৰে বুলি নগাঁৱত মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

দেওবাৰে নগাঁৱত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰা চাঙে চাঙে কাৰ্যসূচীক তীব্ৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ যোগদান কাৰ্যসূচীকো কটাক্ষ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ তেওঁ কয় যে, পূৰ্বে হাতে হাত জোড়ো, পদূলিয়ে পদূলিয়ে আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিও ব্যৰ্থ হৈ এতিয়া কংগ্ৰেছে গ্ৰহণ কৰিছে চাঙে চাঙে কাৰ্যসূচী ৷ কংগ্ৰেছ চাঙে চাঙে, পদূলি পদূলিয়ে থাকিলেও বিজেপি সদায় জনতাৰ হৃদয়ত থাকিব বুলি মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ দাসে ৷

পদূলিয়ে পদূলিয়ে অথবা চাঙে চাঙে আদি কৰ্যসূচী কংগ্ৰেছৰ ভেকোভাওনা বুলিও কটাক্ষ কৰে মন্ত্ৰী ৰণজিৎ দাসে ৷ লগতে কংগ্ৰেছৰ যোগদান কাৰ্যসূচীকো চোকা সমালোচনা কৰে মন্ত্ৰী দাসে ৷ কংগ্ৰেছৰ যোগদান কাৰ্যসূচীক সমালোচনা কৰি মন্ত্ৰী দাসে কয় যে, কুকুৰে মানুহক কামোৰাটো বাতৰি হ'ব নোৱাৰে, তেনেদৰে কংগ্ৰেছত দুই-এজন নেতায়ে যোগদান কৰাটোও বাতৰি হ'ব নোৱাৰে ৷ হাজাৰ হাজাৰ লোকে কংগ্ৰেছত যোগদান কৰিলে সেইটো বেলেগ কথা বুলি মন্তব্য ৰণজিৎ কুমাৰ দাসৰ ৷

ইফালেনে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ বিষয়ে উল্লেখ কৰি চৰকাৰে প্ৰতিখন আঁচনি জনসাধাৰণৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ হিতাধিকাৰী সৃষ্টি কৰা বিজেপিৰ লক্ষ্য নহয় বুলিও উল্লেখ কৰি নগাঁৱত মন্ত্ৰী ৰণজিৎ দাসৰ মন্তব্য ৷ অৰ্থনৈতিকভাৱে দুৰ্বল মহিলা সকলক কিছু হ’লেও সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে অৰুণোদয় আঁচনি গ্ৰহণ কৰিছে বুলি কয় তেওঁ ৷

একেদৰে সময়মতে বিদ্যালয়ত উপস্থিত হোৱাৰ সুবিধাৰ্থে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক চাইকেল প্ৰদান কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ দাসে ৷ আনহাতে বিদ্যালয়সমূহ সংলগ্ন কৰাৰ ফলত বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে বেলেগ বেলেগ বিদ্যালয়ত পাঠদান কৰিবলগীয়া হৈছে ৷ যাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী সকলো সময়মতে বিদ্যালয়ত উপস্থিত হোৱাৰ বাবেই তেওঁলোককো চৰকাৰে স্কুটি প্ৰদানৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ দাসে । দেওবাৰে নগাঁৱত উপস্থিত হোৱাৰ সময়ত মন্ত্ৰী ৰণজিৎ দাসক সংগ দিয়ে স্থানীয় বিধায়ক ৰূপক শৰ্মাই ৷

লগতে পঢ়ক : Congress candidates list: কংগ্ৰেছৰ প্ৰস্তাৱিত প্ৰাৰ্থী তালিকাক লৈ কি ক'লে বিৰোধী দলপতিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.