ETV Bharat / state

Houseful show Pathaan in Nagaon: পাঠান উপভোগ কৰা দৰ্শকৰ হৰ্ষোল্লাস নগাঁৱৰ কৃষ্ণা চিনেমা হলত

author img

By

Published : Jan 25, 2023, 7:29 PM IST

Pathaan film released
বহুলভাৱে চৰ্চিত বোলছবি "পাঠান"ৰ মুক্তি লাভ

নগাঁৱৰ কৃষ্ণা চিনেমা হলত শ্বাহৰুখ খানৰ বিতৰ্কিত "পাঠান" উপভোগ কৰিলে শ শ দৰ্শকে (Pathaan in Nagaon) । প্ৰথম দৰ্শনীতেই দৰ্শকৰ যথেষ্ট ভিৰ চিনেমা হলত । ছবি উপভোগ কৰি উৎফুল্লিত দৰ্শক । কটকটীয়া নিৰাপত্তা ব্যৱস্থা নগাঁৱৰ কৃষ্ণা চিনেমা হলত ।

বহুলভাৱে চৰ্চিত বোলছবি "পাঠান"ৰ মুক্তি লাভ

নগাঁও, ২৫ জানুৱাৰী: আজি শ্বাহৰুখ খানৰ বহুলভাৱে চৰ্চিত বোলছবি "পাঠান"ৰ (Pathaan film released) মুক্তি লাভৰ পিছতেই ছবিগৃহবোৰত প্ৰথম দৰ্শনীতেই দৰ্শকে ভিৰ কৰে। মুক্তিৰ পূৰ্বেই বিতৰ্কৰ সৃষ্টি হোৱাত কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহ'বলৈ ৰাজ্য়ৰ প্ৰতিটো ছবিগৃহতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নগাঁৱৰ ছবিগৃহতো দৰ্শকৰ ভিৰ পৰিলক্ষিত হয় (Security arrangements in Nagaon over Pathaan film) ৷

নগাঁৱৰ কৃষ্ণা চিনেমা হলত শ্বাহৰুখ খানৰ বিতৰ্কিত ছবি পাঠানে মুক্তি লাভ কৰাৰ পিছতেই দৰ্শকৰ পাৰভঙা উৎসাহ পৰিলক্ষিত হয় । উল্লেখ্য় যে ছবিখনক লৈ অন্য প্ৰান্তৰ লগতে অসমতো বিতৰ্কৰ সূচনা হৈছিল । এনে বিতৰ্কৰ মাজতেই কৃষ্ণা চিনেমা হলত পাঠান ছবি উপভোগ কৰা দৰ্শকে ছবিখনত বিতৰ্কিত কোনো বিষয় নাই বুলি মন্তব্য় কৰে (Houseful show of Pathaan in Nagaon) ।

নগাঁৱৰ কৃষ্ণা চিনেমা হলত প্ৰথম দৰ্শনীতেই হাউছফুল হোৱাৰ উপৰি অহা দেওবাৰলৈ সম্পূৰ্ণ হৈ আছে পাঠান ছবিৰ বুকিং । কৃষ্ণা চিনেমা হলত আজি পুৱাৰ প্ৰথম দৰ্শনী উপভোগ কৰা দৰ্শকৰ মাজত এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

ইপিনে,শ্বাহৰুখ খানৰ "পাঠান" ছবিক লৈ দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো সূচনা হৈছিল বিতৰ্কৰ । আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো "পাঠান"ছবিখনক লৈ কেতবোৰ মন্তব্য কৰাৰ পিছতেই ইয়াকে লৈ চর্চা হৈছিল অসমতো (Chief Minister Dr Himanta Biswa Sarma) । আনকি শ্বাহৰুখ খানৰ এটা ফোনকলৰ পিছতেই "পাঠান" বিচৰা দৰ্শকক সম্পূৰ্ণ নিৰাপত্তা প্ৰদানৰ আশ্বাস প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সেই অনুসৰিয়ে "পাঠান" ছবিয়ে মুক্তি লাভ কৰাৰ সময়ত নগাঁৱতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । নগাঁৱৰ কৃষ্ণা চিনেমা হলৰ সন্মুখত পর্যপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে নগাঁও আৰক্ষীয়ে । চিনেমা হলটোৰ সন্মুখত শ্বাহৰুখ খানৰ অনুৰাগীয়ে হাতে হাতে পোষ্টাৰ লৈ ফুৰাও পৰিলক্ষিত হয় ।

ললগতে পঢ়ক:Houseful show Pathaan in Rangia: বিতৰ্ক নেওচি ছবিগৃহলৈ কিং খান অভিনীত ছবি পাঠান, ৰঙিয়াত দৰ্শকৰ ব্যাপক সঁহাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.