ETV Bharat / state

বঢ়মপুৰত একেদিনাই তিনিখনকৈ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন

author img

By

Published : Nov 1, 2021, 9:36 AM IST

জলজীৱন মিছন আঁচনি(Jal Jeevan Mission Scheme)ৰ অধীনত বঢ়মপুৰত একেদিনাই তিনিখনকৈ পানী যোগান আঁচনিৰ আধাৰশিলা(Foundation Stone of Water Supply Scheme) স্থাপন ৷ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনৰ কালাযোগী পানী যোগান আঁচনি, কঠীয়াতলী উন্নয়ন খণ্ডৰ অধীনৰ শগুণবাহী গ্ৰাণ্ট আৰু শগুণবাহী গাঁও পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক জিতু গোস্বামী(MLA Jitu Goswami)য়ে ৷

foundation-stone-of-three-water-supply-schemes-laid-at-barhampur
পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন

নগাঁও, 1 নৱেম্বৰ : নগাঁৱৰ বঢ়মপুৰত দেওবাৰে তিনিখনকৈ পানী যোগান আঁচনিৰ আধাৰশিলা(Foundation Stone of Water Supply Scheme) স্থাপন বিধায়ক জিতু গোস্বামী(MLA Jitu Goswami)ৰ ৷ এই তিনিখন আঁচনিৰ জৰিয়তে বঢ়মপুৰৰ 1200 টা পৰিয়ালক যোগান ধৰা হ’ব বিশুদ্ধ খোৱাপানী ৷

ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা জলজীৱন মিছন আঁচনি(Jal Jeevan Mission Scheme)ৰ অধীনত দ্ৰুতগতিত চলিছে পানী যোগান আঁচনি নিৰ্মাণৰ কাম । জলজীৱন মিছনৰ অধীনতেই একেদিনাই তিনিখনকৈ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়কগৰাকীয়ে ৷

foundation-stone-of-three-water-supply-schemes-laid-at-barhampur
পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন

দেওবাৰে বঢ়মপুৰ বিধানসভা সমষ্টিত জিলা উপায়ুক্ত কবিথা পদ্মনাভন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পংকজ বৰদলৈৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে । সমষ্টিটোৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনৰ কালাযোগী পানী যোগান আঁচনি, কঠীয়াতলী উন্নয়ন খণ্ডৰ অধীনৰ শগুণবাহী গ্ৰাণ্ট আৰু শগুণবাহী গাঁও পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় ।

জানিব পৰা মতে, কালাযোগী পানী যোগান আঁচনিৰ পৰা 410 টা পৰিয়াল, শগুণবাহী গ্ৰাণ্ট পানী যোগান আঁচনিৰ পৰা 359 টা পৰিয়াল আৰু শগুণবাহী গাঁও পানী যোগান আঁচনিৰ পৰা 480 টা পৰিয়ালক সামৰিব পৰাকৈ মুঠ 1249 টা পৰিয়ালক বিশুদ্ধ খোৱাপানীৰ নলীৰ সংযোগ স্থাপন কৰিব পৰা কাৰ্যক্ষমতাৰ লক্ষ্যৰে আঁচনি কেইখনৰ নিৰ্মাণকাৰ্য ইতিমধ্যে আৰম্ভ কৰা হৈছে ।

ইয়াৰে ভিতৰত কালাযোগী পানী যোগান আঁচনিৰ পৰা 6 টা চুবুৰী, শগুণবাহী গ্ৰাণ্ট পানীযোগান আঁচনিৰ পৰা এটা চুবুৰী আৰু শগুণবাহী গাঁও পানীযোগান আঁচনিৰ পৰা 9 টা চুবুৰী সামৰি মুঠ 16 টা চুবুৰীৰ ৰাইজ উপকৃত হোৱাকৈ আঁচনিকেইখন গ্ৰহণ কৰা হৈছে বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগ(Public Health Engineering Department)ৰ নগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পংকজ বৰদলৈয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, অতি কম সময়ৰ ভিতৰত আঁচনিকেইখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰা হ’ব বুলি উল্লেখ কৰে বিধায়ক জিতু গোস্বামীয়ে ৷

লগতে পঢ়ক : মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যত চৰকাৰে গঠন কৰিছে টাস্ক ফ'ৰ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.