ETV Bharat / state

আলফা-চৰকাৰৰ শান্তি চুক্তিক লৈ কি ক’লে প্ৰাক্তন আলফা সদস্যই ?

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 2:08 PM IST

ULFA Peace accord : শান্তি চুক্তিক লৈ আক্ষেপ প্ৰকাশ কৰিলে নগাঁৱৰ একাংশ প্ৰাক্তন আলফাই । স্বাক্ষৰিত হ’বলগীয়া শান্তি চুক্তিৰ দাবী চনদ সম্পৰ্কে জ্ঞাত নোহোৱাৰ বাবে কিছু আক্ষেপ প্ৰকাশ কৰিছে নগাঁৱৰ এগৰাকী প্ৰাক্তন আলফাই ৷

ULFA Peace accord
আলফা-চৰকাৰৰ শান্তি চুক্তিক লৈ কি ক’লে প্ৰাক্তন আলফা সদস্যই?

আলফা-চৰকাৰৰ শান্তি চুক্তিক লৈ কি ক’লে প্ৰাক্তন আলফা সদস্যই?

নগাঁও, 29 ডিচেম্বৰ : প্ৰসংগ আলফা-চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি ৷ আজি অৰ্থাৎ 29 ডিচেম্বৰৰ বিয়লি 5 বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীত আলফা-কেন্দ্ৰীয় চৰকাৰ-অসম চৰকাৰে ত্ৰিপাক্ষিক শান্তি চুক্তিত স্বাক্ষৰ কৰিব ৷ ইতিমধ্যে এই বহু প্রত্যাশিত আলফা চৰকাৰৰ শান্তি চুক্তিক লৈ ভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

কিন্তু ইফালে এই শান্তি চুক্তিক লৈ আক্ষেপ প্ৰকাশ কৰিলে নগাঁৱৰ একাংশ প্ৰাক্তন আলফাই । স্বাক্ষৰিত হ’বলগীয়া শান্তি চুক্তিৰ দাবী চনদ সম্পৰ্কে জ্ঞাত নোহোৱাৰ বাবে কিছু আক্ষেপ প্ৰকাশ কৰিছে নগাঁৱৰ এগৰাকী প্ৰাক্তন আলফাই । অৱশ্যে দীৰ্ঘদিনীয়া এক সমস্যাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে প্ৰাক্তন আলফা দ্বীপেন বৰাই ।

বৰাই কয়, ‘‘চুক্তিৰ দাবী চনদ সম্পৰ্কে অসমৰ ৰাইজে জনা হ’লে আৰু সুখী হ’ব পাৰিলে হয় ৷ এক দীৰ্ঘম্যাদী আলোচনাৰ অন্তত এই শান্তি চুক্তিয়ে অসমীয়া ৰাইজৰ বাবে কি কি লৈ আহে সেয়া সময়তহে গম পোৱা যাব’’ ৷ ইফালে এই শান্তি চুক্তিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৱ কুমাৰ মহন্তই ।

মহন্তই কয়, "মই দুয়ো পক্ষকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ৷ এই 44 বছৰীয়া সংগ্ৰামখন আমি সমাপ্ত হোৱাটো বিচাৰিছো ৷ এই সংগ্ৰামখনৰ বাবে বহু যুৱক-যুৱতীয়ে প্ৰাণ হেৰুৱালে ৷ এই শান্তি চুক্তিৰ জৰিয়তে অসমৰ এক ডাঙৰ সমস্যা সমাধান হ’ব বুলি আমি আশা ৰাখিছো ৷ আলফাৰ ভয়ত অসমলৈ বহিঃৰাজ্যৰ উদ্যোগীসকল আহিবলৈ ভয় কৰে ৷ ইয়াৰ পূৰ্বেও কেইবাবৰো শান্তি চুক্তিৰ কথাত আলোচনা হৈছিল যদিও সেয়া ফলপ্ৰসূ নহ’ল’’ ৷

লগতে পঢ়ক: অশান্ত জম্মু-কাশ্মীৰ; ২০২৩ চনত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.