ETV Bharat / state

Himachal Pradesh floods: হিমাচল প্ৰদেশত আৱদ্ধ অসমৰ তবলা বাদক

author img

By

Published : Jul 13, 2023, 10:29 AM IST

হিমাচল প্ৰদেশৰ ৰাজপথত আৱদ্ধ অসমৰ তবলা বাদক নিৰঞ্জন শইকীয়া ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ তবলা কৰ্মশালাত অংশ লবলৈ গৈ এতিয়া প্ৰাকৃতিক দুৰ্যোগৰ বাবে হিমাচল প্ৰদেশত আৱদ্ধ হৈ পৰিছে নিৰঞ্জন শইকীয়া ৷

Assamese Musician Stranded in Himchal Pradesh
প্ৰাকৃতিক দুৰ্যোগৰ বাবে হিমাচল প্ৰদেশত আৱদ্ধ নিৰঞ্জন শইকীয়া

হিমাচল প্ৰদেশৰ ৰাজপথত আৱদ্ধ অসমৰ তবলা বাদক

নগাঁও, 13 জুলাই : প্ৰকৃতিৰ কোপদৃষ্টিত হিমাচল প্ৰদেশ ৷ ৰুষ্ট প্ৰকৃতিয়ে এতিয়া ধ্বংসলীলা চলাইছে অপৰূপ হিমাচল প্ৰদেশত ৷ বিগত কেইবাদিনো হোৱা প্ৰৱল বৰষুণত বান আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে পাহাৰীয়া ৰাজ্যখনত ৷ বৰ্তমানো ধাৰাসাৰ বৰষুণ আৰু বান পৰিস্থিতি প্ৰায় অপৰিৱৰ্তিত অৱস্থাতে আছে ৰাজ্যখনত ৷ ধাৰাসাৰ বৰষুণ, বান আৰু প্ৰচণ্ড ভূমিস্খলনৰ ধ্বংসলীলাত বিস্তৰ ক্ষতি হোৱাৰ লগতে ৰাজ্যখনত এই প্ৰাকৃতিক দুৰ্যোগত প্ৰাণহানি হৈছে কেইবাজনো লোকৰ ৷ স্তব্ধ হৈ পৰিছে যাতায়ত-যোগাযোগ ব্যৱস্থা ৷ ফলস্বৰূপে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰিছে দেশ-বিদেশৰ অসংখ্য লোক ৷

হিমাচল প্ৰদেশত হোৱা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবেই এতিয়া আৱদ্ধ হৈ পৰিছে বিভিন্ন যান-বাহনৰ লগতে কেইবাখনো ৰে’ল ৷ হিমাচল প্ৰদেশৰ ৰাজপথত আৱদ্ধ অসমৰ তবলা বাদক নিৰঞ্জন শইকীয়া ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ তবলা কৰ্মশালাত অংশ লবলৈ গৈ এতিয়া প্ৰাকৃতিক দুৰ্যোগৰ বাবে হিমাচল প্ৰদেশত আৱদ্ধ হৈ পৰিছে নিৰঞ্জন শইকীয়া ৷

হিমাচল প্ৰদেশত হোৱা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে বিপদত পেলাইছে শ শ লোকক ৷ ৰুষ্ট প্ৰকৃতিৰ ধ্বংসলীলাৰ বাবেই হিমাচল প্ৰদেশত আৱদ্ধ হৈ থাকিবলগীয়া হৈছে অসমৰ এইৰাকী প্ৰতিভাৱান তবলা বাদক ৷ হিমাচল প্ৰদেশৰ কচৌলী নামৰ এক স্থানত 19 জুন তাৰিখৰ পৰা পাৰৱেজ হুচেইনৰ তত্বাৱধানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক তবলা কৰ্মশালাত ভাগ ল’বলৈ যোৱা নগাঁৱৰ বঢ়মপুৰৰ নিৰঞ্জন শইকীয়া আজিও আবদ্ধ হৈ আছে হিমাচল প্ৰদেশত ৷

সম্প্ৰতি ৰাজ্যখনৰ পৰিৱেশ কিছু উন্নত হোৱাৰ বাবে যাতায়ত আৰম্ভ হৈছে যদিও পথৰ দুৰৱস্থাৰ বাবে কেৱল সৰু বাহনসমূহহে হিমাচল প্ৰদেশৰ পৰা যাতায়ত কৰিবলৈ সক্ষম হৈছে ৷ নিৰঞ্জন শইকীয়াই যাত্ৰীবাহী বাছেৰে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰি বেয়া পথৰ বাবে ভোজ নামৰ ঠাইত ৰাষ্ট্ৰীয় পথৰ ওপৰতে এতিয়া আৱদ্ধ হৈ আছে ৷ যোৱা চাৰি-পাঁচ দিনে প্ৰকৃতিৰ ভয়ানক ধ্বংসলীলাৰ মাজত আৱদ্ধ হৈ পৰি যথেষ্ট বিপদত পৰিছে শইকীয়াসহ আন বহু লোক ৷ তাৰ মাজতেই হিমাচল প্ৰদেশৰ পৰা নিৰঞ্জন শইকীয়াই প্ৰেৰণ কৰিছে কিছু দৃশ্য আৰু বিৱৰণ ৷

লগতে পঢ়ক: Himachal Floods Update : হিমাচলৰ বান পৰিস্থিতিত মৃত্যুৰ সংখ্যা ৮০ লৈ বৃদ্ধি; ক্ষতি ১০৫০ কোটিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.