ETV Bharat / state

Bhupen Bora press meet in Nagaon: ৰকিবুল হুছেইনৰ সন্মুখত একপ্ৰকাৰ মৌন ভূপেন বৰা !

author img

By

Published : Aug 11, 2022, 10:19 PM IST

নগাঁৱত ৰকিবুল হুছেইন, নুৰুল হুদাক লগত লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদ মেল (Bhupen Bora held press conference in Nagaon)। সংবাদ মেলত ৰকিবুল হুছেইনৰ সন্মুখত যেন একপ্ৰকাৰ মৌন হৈ থাকিল সভাপতি ভূপেন বৰা । সংবাদ মেলত সাংবাদিকৰ প্ৰতিটো প্ৰশ্নৰেই উত্তৰ দিলে ৰকিবুল হুছেইনে ।

Etv Bharat
Etv Bharat

নগাঁও, 11 আগষ্ট : ৰকিবুলৰ সন্মুখত এক প্ৰকাৰ মৌন ভূপেন বৰা ৷ নগাঁৱত সংবাদ মেল আয়োজন কৰি যেন ৷ কথা কোৱাৰ সুযোগেই নাপালে ভূপেন বৰাই ৷ সাংবাদিকৰ প্ৰশ্ন ভূপেন বৰাক ৷ উত্তৰ দিয়ে ৰকিবুল হুছেইনে ৷ সদায় ফ্ৰণ্ট লাইনত থাকিব বিচৰা এজন কংগ্ৰেছ নেতা । নাম ৰকিবুল হুছেইন ৷

ৰকিবুল হুছেইনৰ সন্মুখত একপ্ৰকাৰ মৌন ভূপেন বৰা !

ৰকিবুল হুছেইন আছে য'ত, বেলেগে কথা কোৱাৰ সুযোগ পায় ক'ত ? হয়, বৃহস্পতিবাৰে যেন এনে এক অৱস্থাই হ'ল নগাঁও ৰজীৱ ভৱনত । বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হৈ নগাঁও ৰাজীৱ ভৱনত সংবাদ মেল আয়োজন কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora held press conference in Nagaon) ।

বৃহস্পতিবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত আয়োজন কৰা সংবাদ মেলত এফালে ৰকিবুল হুছেইন আৰু আনফালে ৰকিবুলৰ ঘনিষ্ঠ বিধায়ক নুৰুল হুদা । মাজত ভূপেন বৰা ৷ সংবাদ মেলৰ আৰম্ভণি ৰকিবুল হুছেইনৰ । সামৰণিও ৰকিবুল হুছেইনৰেই । সংবাদ মেলৰ উদ্দেশ্য 75 বছৰীয়া স্বাধীনতা দিৱস ।

স্বাধীনতা দিৱসৰ 75 বছৰ উপলক্ষে ৰাজ্যৰ প্ৰতিগৰাকী সাংবাদিকক কংগ্ৰেছে প্ৰদান কৰিব ত্ৰিৰংগা পতাকা । আৰম্ভণি নগাঁৱৰ পৰাই । সংবাদ মেলত দুই চাৰি কথা ক’বহে পালে ভূপেন বৰাই ৷ তাৰ পিছতেই সংবাদ মেল আয়োজন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰশ্ন সাংবাদিকৰ ৷

8 কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব বুলি বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ মন্তব্যৰ প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ ? উত্তৰ ৰকিবুলৰ ৷ ভূপেন বৰাক পুনৰ প্ৰশ্ন সাংবাদিকৰ । উত্তৰ দিলে ৰকিবুল হুছেইনে । এনেদৰে সাংবাদিকৰ এটাৰ পিছত এটা প্ৰশ্নৰ উত্তৰ দি গ'ল প্ৰচাৰমুখী কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । যেন ৰকিবুল হুছেইনৰ সন্মুখত এক প্ৰকাৰ মৌন হৈ বহি থাকিবলগীয়া হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ।

উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিধায়ক ৰকিবুল হুছেইনৰ মাজত হোৱা সংঘাতৰ বাতৰিয়ে দখল কৰিছিল সংবাদ শিৰোনাম । অৱশ্যে সেয়া অসম প্ৰদেশ কংগ্ৰেছে নস্যাত কৰাৰ পিছত বৃহস্পতিবাৰে নগাঁৱৰ সংবাদ মেলত ভূপেন বৰাক যেন নিশ্চুপ কৰি ৰাখিলে চতুৰ ৰকিবুল হুছেইনে ।

নগাঁও ৰাজীৱ ভৱনত বৃহস্পতিবাৰে আয়োজন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মেলত পৰিলক্ষিত নহ'ল জিলা কংগ্ৰেছৰ সভাপতিৰ উপস্থিতি ৷

লগতে পঢ়ক : Next Chief Secretary of Assam: ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.