ETV Bharat / state

Rape case in Morigaon :ভূৰাগাঁৱত যুৱতীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ,মহিলাসহ গ্ৰেপ্তাৰ তিনি

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 6:22 PM IST

ভূৰাগাঁৱত মানৱ সমাজক লজ্জানত কৰা অমানৱীয় কাণ্ড । এগৰাকী মানসিকভাৱে দুৰ্বল যুৱতীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ । এই বিষয়ে উল্লেখ কৰিছে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ।

Press Meet of ASP of Morigaon
ভূৰাগাঁৱত অমানৱীয় কাণ্ড

ভূৰাগাঁৱত অমানৱীয় কাণ্ড

মৰিগাঁও, ২৬ ছেপ্টেম্বৰ :এগৰাকী মানসিকভাৱে দুৰ্বল যুৱতীক অপহৰণ কৰি ধাৰাবাহিকভাৱে দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনা সংঘচিত হৈছে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত । ইতিমধ্য়ে আৰক্ষীয়ে এগৰাকী মহিলাসহ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । এই ঘটনা সন্দৰ্ভত আজি মৰিগাঁৱত আয়োজিত এক সংবাদমেলত উক্ত ঘটনাৰ বিষয়ে সদৰী কৰিছে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ।

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত এগৰাকী মানসিকভাৱে দুৰ্বল যুৱতীক অপহৰণ কৰি এটা দুষ্ট চক্ৰই ধাৰাবাহিকভাৱে দলবদ্ধ ধৰ্ষণ কাণ্ড সংঘটিত কৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্য । উল্লেখ্য় যে মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত হুগলতলিৰ এগৰাকী মানসিকভাৱে দুৰ্বল যুৱতী যোৱা ৭ ছেপ্টেম্বৰত ভূৰাগাঁৱৰ বটালিমাৰীৰ পৰা নিৰুদ্দেশ হয় । যুৱতীগৰাকী নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে ভূৰাগাঁও থানাত দাখিল কৰিছিল এখন এজাহাৰ । ইফালে, আৰক্ষীয়ে সন্ধান চলাই যোৱা ২২ ছেপ্টেম্বৰত ভূৰাগাঁও থানাৰ অন্তৰ্গত কুপতিমাৰীৰ এগৰাকী মহিলাৰ ঘৰৰ পৰা সন্ধানহীন যুৱতীগৰাকীক উদ্ধাৰ কৰে ।

উক্ত ঘটনাৰ বিষয়ে সদৰী কৰি অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে মহিলাগৰাকীৰ ঘৰত যুৱতীগৰাকীক অপহৰণ কৰা দলটোৱে দলবদ্ধ ধৰ্ষণ কাণ্ড ধাৰাবাহিকভাৱে সংঘটিত কৰিছিল । আনকি যুৱতীগৰাকীৰ পৰিচয় লুকুৱাবলৈ মূৰৰ চুলি পৰ্যন্ত খুৰাই পেলাই দিছিল । পিছত আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে । দুদিন পূৰ্বে আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জেল হাজোতলৈ ।

এই মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি ভূৰাগাঁৱৰ আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত কুপতিমাৰীৰ নুৰুল হক ওৰফে কালিয়া আৰু আবু বক্কৰ ছিদ্দিক আলী নামৰ লম্পট দুটাক গ্ৰেপ্তাৰ কৰে । অৱশ্য়ে এই কাণ্ডৰ সৈতে জড়িত আন কেইবাটাও অভিযুক্ত পলাতক অৱস্থাত আছে ।

ইতিমধ্যে আৰক্ষীয়ে ১১০/২৩ নম্বৰত এটি গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । ইফালে, গ্ৰেপ্তাৰ কৰা এই দুটা লম্পটক অধিক জেৰাৰ বাবে বৰ্তমান ভূৰাগাঁও আৰক্ষীয়ে নিজৰ জিম্মাৎ ৰাখিছে বুলি কয় অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক:Swachh Bharat Scheme:চাবুৱাত স্বচ্ছ ভাৰত আঁচনিৰ বিপৰীত ছবিয়ে কঢ়িয়াই আনিছে ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.