মৰিগাঁৱত তীব্ৰবেগী বাহনৰ খুন্দাত নিহত দুজন

author img

By

Published : Sep 4, 2022, 7:39 PM IST

Road accident in Morigaon

মৰিগাঁও ঔজাৰিত তীব্ৰবেগী এখন চাফাৰীয়ে একেলগে সংঘটিত কৰিলে দুটাকৈ দুৰ্ঘটনা(Road accident in Morigaon) ৷ চাফাৰী বাহনখনে প্ৰথমে এজন বাইক আৰোহীক খুন্দিয়াই পলায়নৰ চেষ্টা কৰি পুনৰ মহতিয়াই নিয়ে দুই চাইকেল আৰোহীক ৷ চাফাৰীৰ চালক-আৰোহীক উত্তম-মধ্যম শোধাই আৰক্ষীক গতালে ৰাইজে ।

মৰিগাঁও, 4 আগষ্ট: মৰিগাঁও জিলাৰ ঔজাৰীত দেওবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয়(Road accident in Morigaon) । মৰিগাঁও-জাগীৰোড পথৰ ঔজাৰীত শিৱমন্দিৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । ঘটনাৰ বিৱৰণী মতে, মৰিগাঁও আৰক্ষীৰ থানাৰ অন্তৰ্গত বাচনাঘাট খান্দাজান দলঙত AS 01 BF 3817 নম্বৰৰ এখন তীব্ৰবেগী টাটা চাফাৰী বাহনে প্ৰথমে এজন বাইক আৰোহীক খুন্দিয়ায় ৷ দুৰ্ঘটনাটো সংঘটিত কৰি চাফাৰীখনে পলায়নৰ চেষ্টা কৰোঁতে ঔজাৰীত পুনৰ দুজন চাইকেল আৰোহীক খুন্দিয়ায় ।

মৰিগাঁৱত পথ দুৰ্ঘটনা

এই ঘটনাত গুৰুতৰভাৱে আহত ঔজাৰীৰ প্ৰভেশ্বৰ বৰদলৈ(43) নামৰ ব্যক্তিজনৰ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয় ৷ আনহাতে এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনজন চাইকেল আৰোহী ঔজাৰীৰে অমৃত বৰদলৈ(26)ক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ সময়তে মৃত্যু হয় বুলি জানিব পৰা গৈছে(Two dies in road accident at Morigaon) । ইফালে দুৰ্ঘটনাটো সংঘটিত কৰা টাটা চাফাৰী বাহনখনৰ পৰা পলাবলৈ চেষ্টা কৰা দুজন ব্যক্তিক স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে ।

অৱশ্যে বাহনখনত থকা আন দুজন আৰোহী জাগীৰোডলৈ পলায়ন কৰিবলৈ সক্ষম হয় । স্থানীয় ৰাইজে সদৰী কৰা মতে চাফাৰীখনত উদ্ধাৰ হৈছে সুৰাৰ বটল । এই ঘটনাত আঘাতপ্ৰাপ্ত আন এজন বাইক আৰোহী মৰিগাঁও অসামৰিক চিকিৎসালয়ত(Morigaon Civil Hospital) চিকিৎসাধীন হৈ থকা বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে । ইফালে ঘটনাৰ খবৰ লাভ কৰি মৰিগাঁও আৰক্ষী থানাৰ বিষয়া আৰু যানবাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে ।

লগতে পঢ়ক: চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা: শিশুসহ নিহত তিনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.