ETV Bharat / state

World record by Dihanam: ষাঠি হাজাৰ নামতীৰে দিহানামৰ বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য দিহানাম সংৰক্ষণ মঞ্চৰ

author img

By

Published : May 12, 2023, 7:49 PM IST

দিহানাম পৰিৱেশনৰ ক্ষেত্ৰত এখন সংবিধান প্ৰণয়নৰ প্ৰস্তুতি কৰা হৈছে (Working President Prashant Kumar Khaund) । এই লক্ষ্যৰে আগন্তুক ২২-২৩ জুলাইত নগাঁৱৰ কঢ়ালী গাঁৱত অনুষ্ঠিত হ'ব এখন মনোজ্ঞ আলোচনা চক্ৰ ৷ ৰাজ্যত 60 হাজাৰ নামতীৰে দিহানাম পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ যো-জা কৰাৰ খবৰ পোহৰলৈ অহাৰ পিচতে সংবাদমেল দিহানাম সংৰক্ষণ মঞ্চৰ (World record by performing Dihanam) ৷

Press meet on World record by performing Dihanam
ষাঠি হাজাৰ নামতীৰে দিহানামৰ বিশ্ব অভিলেখ গঢ়াৰ যো-জা

ষাঠি হাজাৰ নামতীৰে দিহানামৰ বিশ্ব অভিলেখ গঢ়াৰ যো-জা

মৰিগাঁও, 12 মে’ : ৰাজ্যজুৰি শেহতীয়াকৈ 11 হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে বিহু নৃত্য পৰিৱেশন কৰি অভিলেখ গঢ়াৰ লগতে একেটা স্থানতে 3 হাজাৰ ঢুলীয়াই ঢোল বাদন কৰি গিনীজ বুকছ অৱ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ স্থাপন কৰে (Press meet in Morigaon)। ইয়াৰ পিচতে এতিয়া ৰাজ্যত 60 হাজাৰ নামতীৰে দিহানাম পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ যো-জা কৰাৰ খবৰ পোহৰলৈ আহিছে (World record by performing Dihanam) ৷

এই খবৰ প্ৰচাৰৰ পিচতেই মৰিগাঁৱৰ জাগীৰোডত দিহানাম সংৰক্ষণ মঞ্চ অসমে (Dihanam Conservation Forum Assam) শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰে । এই সন্দৰ্ভত দিহানাম সংৰক্ষণ মঞ্চ অসমে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে, সমগ্ৰ অসমত দিহানামৰ পৰিৱেশন শৈলী একেই নহয় । উজনি, নামনি, মধ্য অসমত সুকীয়া শৈলীৰে পৰিৱেশন কৰা হয় দিহানাম । এই ভিন্নতা পৰিলক্ষিত কৰিয়েই দিহানামৰ পৰিৱেশন শৈলী সাৰ্বজনীন ৰূপত পৰিৱেশন কৰিব পৰাকৈ একে পৰিৱেশন শৈলী প্ৰস্তুত কৰাৰ বাবে দিহানামৰ বিশেষজ্ঞসকলৰ সৈতে আলোচনা অব্যাহত আছে ৷

সংবাদমেলখনত জাতীয় সংগঠনটোৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত কুমাৰ খাউণ্ডে লগতে উল্লেখ কৰে যে, দিহানাম পৰিৱেশনৰ ক্ষেত্ৰত এখন সংবিধান প্ৰণয়নৰ প্ৰস্তুতি কৰা হৈছে (Working President Prashant Kumar Khaund) । এই লক্ষ্যৰে আগন্তুক ২২- ২৩ জুলাইত নগাঁৱৰ কঢ়ালী গাঁৱত অনুষ্ঠিত হ'ব এখন মনোজ্ঞ আলোচনা চক্ৰ । এই আলোচনা চক্ৰত উপস্থিত থাকিব সমগ্ৰ অসমৰ দিহানামৰ বিচাৰক আৰু দিহানামৰ প্ৰশিক্ষকসকল ।

অসমৰ এখন জিলাৰ ইমূৰৰ গায়ন শৈলীৰ লগত অমিল আনটো মূৰৰ দলৰ দিহানামৰ গায়ন শৈলী । এনে সময়ত দিহানামৰে বিশ্ব অভিলেখৰ ক্ষেত্ৰত একমত নহয় দিহানাম সংৰক্ষণ মঞ্চ অসম ৷ বিশ্ব অভিলেখ গঢ়া কামক দুঃসাধ্য কামৰ আখ্যা দিয়ে কাৰ্যকৰী সভাপতি খাউণ্ডে ৷ লগতে জুলাই মাহত অনুষ্ঠিত হ'বলগীয়া দিহানামৰ মনোজ্ঞ আলোচনা চক্ৰত অংশগ্ৰহম কৰিবলৈ দিহানামৰ সকলো অনুৰাগীকে মুকলিকৈ নিমন্ত্ৰণ জনায় খাউণ্ডে ৷

লগতে পঢ়ক: Divya Kala Mela 2023 : মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে উদ্বোধন কৰে দিব্য কলা মেলা ২০২৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.