পুনৰ কা আন্দোলন আৰম্ভ কৰিব জনপ্ৰিয় শিল্পী বিপিন চাউদাঙে

author img

By

Published : Sep 1, 2022, 10:14 AM IST

Updated : Sep 1, 2022, 10:50 AM IST

Artist Bipin Chaudang will started CAA Protest again

ৰাজ্যত পুনৰ কা আন্দোলনৰ উকমুকনি (CAA Protest) ৷ পুনৰ কা আন্দোলন আৰম্ভ কৰিব জনপ্ৰিয় শিল্পী বিপিন চাউদাঙে ৷ পিছে এইবাৰ কোনো ৰাজনৈতিক দলৰ সৈতে সংলগ্ন হৈ আন্দোলন নকৰে শিল্পীগৰাকী ৷

মৰিগাঁও, 1 চেপ্টেম্বৰ: ৰাজ্যত পুনৰ কা আন্দোলনৰ উকমুকনি (CAA Protest again) ৷ বুধবাৰে নিশা মৰিগাঁৱত তাৰেই আগজাননী দিলে ৰাজ্যৰ জনপ্ৰিয় শিল্পী বিপিন চাউদাঙে । পুনৰ কা আন্দোলন কৰিব বিপিন চাউদাঙে । পিছে এইবাৰ শিল্পীগৰাকীয়ে কোনো ৰাজনৈতিক দলৰ সৈতে সংলগ্ন হৈ আন্দোলন নকৰে ।

বৰংঞ্চ একেবাৰে খাটিখোৱা চহা, কৃষক, ৰোৱনী-দাৱনীৰ, শ্ৰমিক মজদুৰ তথা শ্ৰমজীৱি জনতাৰ সৈতে মিলিত হৈ পুনৰ ৰাজ্যত গঢ়ি তুলিব কা আন্দোলন । কাৰ্যতঃ ৰাজ্যত একাংশ ছাত্ৰ সংগঠনৰ সমান্তৰালকৈ বুধবাৰে নিশা মৰিগাঁও নাৰায়ণ বজাৰৰ সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়োৱাৰ পূৰ্বে ইটিভিৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই শিল্পীগৰাকীয়ে ।

পুনৰ কা আন্দোলন আৰম্ভ কৰিব জনপ্ৰিয় শিল্পী বিপিন চাউদাঙে

কা বিৰোধী শিল্পী চাউদাঙৰ মতে, বিগত কা কান্দোলনত বহুকেইজনে আইমাতৃৰ নামত প্ৰাণ বিসৰ্জন দিলে । কোনোবাই আকৌ কা আন্দেলনৰ নামত ৰাজনীতি কৰি অভিষ্ট আদায় কৰিলে । সেয়েহে এইবেলি তেওঁ কোনো ৰাজনৈতিক নেতাৰ সৈতে মিলিত নহয় কা আন্দোলত (Artist Bipin Chaudang)।

লগতে পঢ়ক: কা আৰু স্কুল একত্ৰীকৰণ সন্দৰ্ভত চৰকাৰক সমালোচনা লুৰিণজ্যোতি গগৈৰ

Last Updated :Sep 1, 2022, 10:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.