বিস্কুট চুৰি কৰি গুৰু শাস্তিৰ সন্মুখীন হোৱা কিশোৰক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ NHRCৰ

author img

By

Published : Sep 15, 2022, 5:45 PM IST

বিস্কুট চুৰি কৰি গুৰু শাস্তিৰ সন্মুখীন হোৱা কিশোৰক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

বিস্কুট চুৰি কৰাৰ অপৰাধত এটি কিশোৰক কৰা হৈছিল নিৰ্মম অত্যাচাৰ (Police thrash minor for stealing biscuits in Morigaon৷ লাহৰীঘাটৰ এগৰাকী আৰক্ষী বিষয়াই সংঘটিত কৰা উক্ত ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে(National Human Rights Commission) ৰায়দান কৰিছে ৷ ভুক্তভোগী কিশোৰটিৰ পৰিয়ালক 25 হাজাৰ টকা ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশনা দিছে মানৱ অধিকাৰ আয়োগে ৷

মৰিগাঁও, 15 ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ৰায়দান । লাহৰীঘাটত বিস্কুট চুৰি কৰি ধৰা পৰা কিশোৰৰ পৰিয়ালক ২৫,০০০ টকা আদায়ৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ । বিগত ২১ মাৰ্চত লাহৰীঘাট আৰক্ষী থানাত(Laharighat Police Station) সংঘটিত হৈছিল এক অমানৱীয় ঘটনা (Police thrash minor for stealing biscuits in Morigaon)।

বিস্কুট চুৰি কৰি গুৰু শাস্তিৰ সন্মুখীন হোৱা কিশোৰক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

সামান্য বিস্কুট চুৰিৰ অপৰাধত থানাৰ ভিতৰত এগৰাকী কিশোৰৰ ওপৰত উপৰ্যুপৰি নিৰ্যাতন চলাইছিল আৰক্ষীয়ে । উল্লেখ্য যে লাহৰীঘাট থানাৰ চৌহদত থকা এখন গাড়ীৰ পৰা খাবলৈ বিস্কুট চুৰি কৰিবলৈ গৈ ধৰা পৰে কিশোৰটি । তাৰ পাছতে লাহৰীঘাট থানাৰ তদানীন্তন উপ-পৰিদৰ্শক উপেন চন্দ্ৰ বৰদলৈয়ে অমানৱীয়ভাৱে কিশোৰটিৰ ওপৰত চলাইছিল নিৰ্যাতন(Beating minor inside police station) । আৰক্ষীৰ বৰ্বৰতাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতেই নিলম্বিত হয় লাহৰীঘাট থানাৰ সহকাৰী উপ-পৰিদৰ্শক উপেন চন্দ্ৰ বৰদলৈ ।

শেহতীয়াকৈ মনজিৎ সিনহা নামৰ এগৰাকী লোকৰ গোচৰৰ ভিত্তিত ৰাজ্যৰ চৰকাৰৰ মুখ্য সচিবক(Assam Chief Secretary Paban Kumar Borthakur) ভুক্তভোগী পৰিয়ালক চাৰি সপ্তাহৰ ভিতৰত ২৫ হাজাৰ টকাৰ জৰিমনা দিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (National Human Rights Commission)।

লগতে পঢ়ক: কেন্দ্ৰৰ প্ৰৱঞ্চনা: জনজাতিকৰণৰ দাবীত শিৱসাগৰত বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.