Migratory Birds at Moribil: পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ মৰিগাঁৱৰ মৰিবিল

author img

By

Published : Nov 18, 2022, 5:31 PM IST

Updated : Nov 18, 2022, 6:46 PM IST

Morigaon

পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ মৰিগাঁৱৰ মৰিবিল (migratory birds arrived in Moribil of Morigaon) । শীতৰ আগমনৰ লগে লগে অসমৰ বিভিন্ন স্থানৰ জলাশয়বোৰলৈ আগমন ঘটে পৰিভ্ৰমী পক্ষীৰ । দেশ-বিদেশৰ পৰিধি ভেদি ডেউকা কোবাই উৰি আহে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী ।

মৰিগাঁও, ১৮ নৱেম্বৰ : পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ মৰিগাঁৱৰ মৰিবিল (migratory birds arrived in Moribil of Morigaon) । শীতৰ আগমনৰ লগে লগে অসমৰ বিভিন্ন স্থানৰ জলাশয়বোৰলৈ আগমন ঘটে পৰিভ্ৰমী পক্ষীৰ । দেশ-বিদেশৰ পৰিধি ভেদি ডেউকা কোবাই উৰি আহে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী ।

লগে লগে যেন নতুন ৰূপত প্ৰাণ পাই জীৱন্ত হৈ উঠে এই বিল, খাল তথা হ্ৰদকে আদি কৰি জলাশয়বোৰ (migratory birds arrive water bodies of Assam) । পৰিভ্ৰমী পক্ষীৰ জলকেলি আৰু কলৰৱত আকৃষ্ট হয় প্ৰকৃতিপ্ৰেমী পৰ্যটকসকলো । শেহতীয়াভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ বিলসমূহলৈ আগমন ঘটিছে এই পৰিভ্ৰমী পক্ষীবোৰৰ । ব্যতিক্ৰম নহয় মৰিগাঁৱৰ মৰিবিলো (Moribil of Morigaon) ।

এই আলহী পক্ষীৰ কাকলিত এতিয়া মুখৰিত হৈ পৰিছে মৰিগাঁৱৰ মৰিবিল । শীতৰ আগমনৰ লগে লগে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীয়ে আহি আলয় পাতিছে মৰিবিলৰ জলৰাশিত । মৰিবিলৰ জলৰাশিত জলবিহাৰত তন্ময় হৈ পৰিছে এই পৰিভ্ৰমী পক্ষীকুল (Tourist place Moribil of Morigaon) । শীতৰ সেমেকা পুৱাত মৰিগাঁৱৰ মৰিবিলৰ জলৰাশিত ৰ'দকাঁচলি ল'বলৈ ভিৰ কৰিছেহি বিভিন্ন প্ৰজাতিৰ এই আলহী পক্ষীবোৰে ।

পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ মৰিগাঁৱৰ মৰিবিল

এই আলহী পক্ষীৰ জলকেলিত এতিয়া মুখৰিত হৈ পৰিছে মৰিগাঁৱৰ মৰিবিলৰ নীলিম জলৰাশি । মৰিবিলৰ পৰিভ্ৰমী পক্ষীৰ কলৰৱৰ লগতে তাত জকমকাই ফুলি থকা ভেটফুলবোৰেও হাত বাউলি সৌন্দৰ্যপিয়াসীসকলক । ফেটফুলৰ সৌৰভ আৰু জলবিলাসী পক্ষীৰ জলকেলিত এতিয়া আবেদনময়ী হৈ পৰিছে মৰিবিল ।

এক কথাত ক'বলৈ গ'লে ধৰাৰ বুকুলৈ শীতৰ আগমনৰ লগে লগে এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে মৰিগাঁৱৰ মৰিবিলত । কোনোবাই যদি গগন ধিয়াই উৰিছে আন কোনোবাই আকৌ বুজা-নুবুজা ভাষাৰ সুৰ সমলয় কৰি আমন্ত্ৰণ জনাইছে পুৱাৰ ৰ'দালিক । একেদৰে নিশাৰ নিয়ৰৰ আলিংগণত জকমকাই উঠিছে ভেটফুল ।

শীতৰ আগমনৰ লগে লগে ভ্ৰমণবিলাসীসকলৰ ভ্ৰমণৰ সময়ো আহি পৰিছে । প্ৰাকৃতিক সৌন্দৰ্যত নিবিড় হ'ব বিচৰাসকলৰ বাবে নিশ্চিতভাৱে উপযুক্ত স্থান হ'ব পাৰে মৰিগাঁৱৰ মৰিবিল । প্ৰকৃতিৰ মনোৰম সৌন্দৰ্যৰ মাজত নিজৰ মন-প্ৰাণ উজ্জীৱিত কৰিবলৈ হ'লে আপুনিও আহিব পাৰে মৰিগাঁৱৰ মৰিবিলৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ ।

লগতে পঢ়ক :Birth Aniversary of Lachit Borphukan: বিশাল মাৰ্চপাষ্টেৰে লাচিত জন্মজয়ন্তীৰ শুভাৰম্ভ

Last Updated :Nov 18, 2022, 6:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.