Lachit Divas 2022: মৰিগাঁৱত লাচিত বৰফুকনৰ জন্মজয়ন্তীত পৰম্পৰাগত খেল প্ৰতিযোগিতা

author img

By

Published : Nov 24, 2022, 1:38 PM IST

Lachit Divas 2022

ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী (birth anniversary of Lachit Borphukan) ৷ ইয়াত সৈতে সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসনেও অনুষ্ঠিত কৰে জাতীয় বীৰগৰাকীৰ জন্মজয়ন্তী ।

ধিং, ২৪ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰা হৈছে (Lachit Borphukan birth anniversary)। মৰিগাঁও জিলা প্ৰশাসনেও লাচিত দিৱসৰ লগত সংগতি ৰাখি পৰম্পৰাগত খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।

মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা পৰিষদৰ যুটীয়া উদ্যোগত ২৩ নৱেম্বৰত এই জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আয়োজন কৰা থলুৱা আৰু পৰম্পৰাগত গুদু-গুদু আৰু দাড়িয়া খেল প্ৰতিযোগিতাখনি উদ্বোধন কৰে অসম অলিম্পিক সংস্থাৰ উপ-সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাই (Traditional Sporting Competition at Marigaon)। উক্ত অনুষ্ঠানত সহযোগ কৰে ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা সংস্থানৰ শংকৰ বসুমতাৰী, ডীন লক্ষ্মীবাই, মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ ,মিপুন,গৰ্গ মোহন দাস আৰু মৰিগাঁও জিলা ক্ৰীড়া সংস্থাৰ সভাপতিয়ে ।

মৰিগাঁৱত লাচিত বৰফুকনৰ জন্মজয়ন্তীত পৰম্পৰাগত খেল প্ৰতিযোগিতা

উল্লেখ্যযোগ্য যে মৰিগাঁও জিলাৰ আটাইকেইখন উন্নয়ন খণ্ডৰ বিষয়ববীয়াসকলে যোৱা ২১ নৱেম্বৰত ব্লক ভিত্তিত অনুষ্ঠিত কৰা খেলৰ চেম্পিয়ন হোৱা খেলৈৱসকলক লৈ জিলা ভিত্তিত গুদু -গুদু আৰু দাড়িয়া খেল অনুষ্ঠিত কৰা হয় । লক্ষ্যনীয় বিষয় যে অসমৰ গ্ৰাম্য সমাজৰ পৰা লাহে লাহে বিলুপ্তপ্ৰায় খেলসমূহৰ সংৰক্ষণৰ লগতে আধুনিক ক্ৰীড়াৰ সৈতে ফেৰ মাৰিব পৰাকৈ খেলসমূহৰ বিকাশ ঘটোৱাৰ উদ্দেশ্য আগত ৰাখিয়েই পৰীক্ষামূলকভাৱে 'হৈ-গুদু' বা 'গুদু-গুদু' আৰু 'দাড়িয়া' খেল দুটাৰ নতুনকৈ নিয়মাৱলী প্ৰস্তুত কৰি কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে । এই খেলত জিলাখনৰ প্ৰায় ১০০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।

ইপিনে, বুধবাৰে মৰিগাঁও লোক নিৰ্মাণ (পথ) বিভাগৰ সৌজন্যত জিলা পথ সুৰক্ষা সমিতি আৰু আয়েছা নিষ্ঠা ৱেলফেয়াৰ ছ'ছাইটিৰ সহযোগত মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয় । লগতে লোক নিৰ্মাণ পথ বিভাগৰ সৌজন্যত পথ সুৰক্ষামূলক এখন নাট প্ৰদৰ্শন কৰা হয় । অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাসে শুভাৰম্ভ কৰা নাটকখনে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । জিলা কাৰ্যবাহী অভিযন্তা অভিজিৎ চৌধুৰীয়ে বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী পালনৰ উদ্দেশ্য ব্যাখ্যা কৰে । বাটৰ নাট আৰু সজাগতা সভাত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৱে ভাষন প্ৰদান কৰে ।

উল্লেখ্য যে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ডিব্ৰুগড়তো মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ১৮ নৱেম্বৰৰ পৰা সপ্তাহযোৰা কাৰ্যসূচীৰে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী পালন কৰা হয় ।

লগতে পঢ়ক:Lachit Borphukan 400 years birth anniversary: ডিব্ৰুগড়ত পালিত হ’ল লাচিত দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.