ETV Bharat / state

Morigaon District Day: বৰ্ণাঢ্য কাৰ্যসূচীত উজলিল মৰিগাঁৱৰ ঐতিহ্য আৰু পৰম্পৰা

author img

By

Published : Oct 14, 2022, 1:05 PM IST

Updated : Oct 14, 2022, 1:55 PM IST

মৰিগাঁও জিলা দিৱসত উদ্ভাসিত হ'ল ঐতিহ্য আৰু পৰম্পৰা । প্ৰদৰ্শিত হ'ল স্বকীয় কলা-কৃষ্টি । মৰিগাঁও জিলা দিৱসত উখল-মাখল পৰিৱেশ । উল্লেখ্য, ১৯৮৯ চনৰ ১৪ অক্টোবৰত মৰিগাঁও জিলাৰ আনুষ্ঠানিক কাম-কাজৰ শুভাৰম্ভ হৈছিল (34th Morigaon District day observed) ।

Morigaon day
Morigaon day

ধিং, ১৪ অক্টোবৰ : মৰিগাঁও জিলাবাসীৰ সহযোগত জিলা প্ৰশাসনে ১৪ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈকে দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে মৰিগাঁও জিলা দিৱস । এই দিৱসত উদ্ভাসিত কৰা হৈছে জিলাখনৰ চহকী ঐতিহ্য আৰু পৰম্পৰা । আনহাতে, সাংস্কৃতিক দিশত চহকী মৰিগাঁও জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় কলা-কৃষ্টিক উপস্থাপন কৰাৰো প্ৰয়াস কৰা হৈছে এই দিৱসত (34th Morigaon District day observed) ।

সময়ৰ হিচাপত ৩৩ বছৰীয়া মৰিগাঁও জিলাৰ প্ৰথমবাৰলৈ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈছে জিলা দিৱস । মৰিগাঁও জিলা দিৱসটি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা কৰিছে মৰিগাঁও জিলা উপায়ুক্ত দেৱাশিস শৰ্মাৰ নেতৃত্বৰ মৰিগাঁও জিলা প্ৰশাসনে । মৰিগাঁও জিলা উপায়ুক্ত দেৱাশিস শৰ্মাই দিন-ৰাতি একাকাৰ কৰি আৰম্ভণিৰে পৰাই দুদিনীয়া মৰিগাঁও জিলা দিৱস সফল আৰু সৰ্বাংগসুন্দৰৰূপে অনুষ্ঠিত কৰাৰ বাবে লোৱা প্ৰচেষ্টাত আজি প্ৰথমদিনাই সফলতা লাভ কৰিছে (Morigaon District day celebrated in Morigaon) ।

Morigaon District Day: বৰ্ণাঢ্য কাৰ্যসূচীত উজলিল মৰিগাঁৱৰ ঐতিহ্য আৰু পৰম্পৰা

জিলা উপায়ুক্তগৰাকীয়ে মৰিগাঁও জিলাৰ সৰ্বস্তৰৰ ৰাইজৰ সহায়-সহযোগিতা লাভ কৰাৰ ফলত আজি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে সমগ্ৰ মৰিগাঁও জিলাতে (Morigaon DC Debashish Sarma) । উল্লেখ্য, ১৯৮৯ চনৰ ১৪ অক্টোবৰত মৰিগাঁও জিলাৰ আনুষ্ঠানিক কাম-কাজৰ শুভাৰম্ভ হৈছিল । মৰিগাঁও জিলাৰ এচাম সংগ্ৰামী জনসাধাৰণৰ আপোচবিহীন স্থিতিৰ বাবে তদানীন্তন অসম গণ পৰিষদ দলৰ চৰকাৰে ১৯৮৯ চনত অবিভক্ত নগাঁও জিলাৰ অংশ, স্বকীয় ঐতিহ্য তথা পৰম্পৰাৰে সমৃদ্ধ মৰিগাঁৱক জিলা হিচাপে স্বীকৃতি প্ৰদান কৰে (AGP Govt declared Morigaon District) ।

বৰ্তমান ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ প্ৰতিষ্ঠা দিনটো জিলা দিৱস উদযাপনৰ বাবে দিয়া নিৰ্দেশৰ ভিত্তিত মৰিগাঁও জিলা দিৱসটি আজিৰে পৰা আৰম্ভ হৈছে । মৰিগাঁও চহৰৰ মাজমজিয়াস্থিত স্কুল খেলপথাৰ আৰু ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হৈছে জিলা দিৱস । বিশেষকৈ নতুন প্ৰজন্মক আৰু বহিঃজিলাৰ লোকক মৰিগাঁৱৰ চহকী ঐতিহ্য, পৰম্পৰা, সংস্কৃতি, শিল্প আৰু সৌন্দৰ্যৰ এক আভাস দিয়াৰ মানসেৰে বৰ্ণিল আৰু বিস্তৃত ৰূপত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ।

মৰিগাঁও জিলা দিৱসটিক সাফল্যমণ্ডিত কৰিবলৈ সমগ্ৰ মৰিগাঁওবাসীৰ লগতে লাহৰীঘাট, মৈৰাবাৰী অঞ্চলৰ ৰাইজে পৃথকে পূথকে জিলা দিৱস পালন কৰিছে । লাহৰীঘাটত প্ৰায় আধা কিলোমিটাৰ দীঘল সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দূষ্টি আকৰ্ষণ কৰে । মৈৰাবাৰী তথা মৰিগাঁৱতো বিশাল সাংস্কৃতিক শোভাযাত্ৰাই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :Morigaon District Day : দুদিনীয়া কাৰ্যসূৰ্যচীৰে মৰিগাঁওগাঁ জিলা দিৱস আৰম

Last Updated :Oct 14, 2022, 1:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.