নিমাতীৰ ফেৰী দুৰ্ঘটনাৰ স্মৃতিয়ে খেদি ফুৰিছে ভুক্তভোগীক

author img

By

Published : Oct 4, 2021, 5:17 PM IST

victims-of-ferry-accident-in-nimatighat-demands-compensation

নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ 1 মাহ সম্পূৰ্ণ হ'ল ৷ কিন্তু আজিও ক্ষতিপূৰণ নাপালে ফেৰী দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা দুৰ্ভগীয়া সকলে ৷ যাৰ বাবে অতীষ্ঠ হৈ ক্ষতিপূৰণৰ বাবে চৰকাৰক 10 দিনৰ সময়সীমা বান্ধি দিছে ভুক্তভোগী সকলে ৷

মাজুলী,4 অক্টোবৰ : নিমাতীঘাটৰ বাবে অভিশপ্ত হৈ ৰ'ল 2020 বৰ্ষৰ 8 ছেপ্তেম্বৰ দিনটো ৷ উক্ত দিনটোতে সংঘটিত হোৱা নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ ভয়াৱহ স্মৃতি হয়টো অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰিব ৷ ফেৰী দুৰ্ঘটনাত কোনোমতে প্ৰাণ বচাবলৈ সক্ষম হোৱা যাত্ৰী সকলকো সদায় খেদি ফুৰিছে সেই ভয়াৱহ ঘটনাৰ স্মৃতিয়ে ৷ অভিশপ্ত 'মা-কমলা’ ফেৰী খনত থকা যাত্ৰীসকলৰ প্ৰাণটো বাচিল ঠিকেই কিন্তু নিজৰ সৰ্বস্ব হেৰুৱাই সৰ্বহাৰা হৈ পৰিল বহুতো দুৰ্ভগীয়া যাত্ৰী ৷

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত ক্ষতিগ্ৰস্তক শীঘ্ৰে ক্ষতিপুৰণ দিয়াৰ দাবী ভুক্তভোগীৰ

উক্ত দুৰ্ঘটনাত একাংশ লোকে হেৰুৱালে নিজৰ ব্যৱসায়ৰ সামগ্ৰীৰ লগতে যান-বাহন ৷ এইসকল দুৰ্ভগীয়াৰ বাইক সা-সম্প্ৰতি, টকা-পইচা, ব্যৱসায়ৰ বাবে অনা বয়-বস্তু সকলো উটি গ'ল বুঢ়া লুইতত ৷ এই সন্দৰ্ভত সহায় বিচাৰি এতিয়ালৈকে 43 জন ভুক্তভোগীয়ে প্ৰশাসনৰ ওচৰত আবেদন কৰিছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ আভ্যন্তৰীণ জল পৰিবহন বিভাগ আৰু ব্যক্তিগত ফেৰী চালক সন্থাৰ এখন সমিতি আছে যদিও তেওঁ লোকৰো দুৰ্ভগীয়া সকলৰ খবৰ ল’বলৈ আহৰি নাই ৷

যাৰ বাবে উক্ত দুৰ্ঘটনাত সৰ্বহাৰা হোৱা দুৰ্ভগীয়া সকলে সোমবাৰে গড়মূৰ প্ৰেছ ক্লাৱত উপস্থিত হৈ প্ৰচণ্ড ক্ষোভ উজাৰে সাংবাদিকক সম্বোধন কৰে ৷ দুৰ্ঘটনাত নিজৰ সকলো হেৰুওৱা সকলক অনতি পলমে ক্ষতিপূৰণ দিবলৈ জিলা প্ৰশাসন তথা চৰকাৰক আহ্বান জনাইছে ভুক্তভোগী সকলে ৷

উল্লেখ্য যে, উক্ত ফেৰী দুৰ্ঘটনাত মাজুলীৰ ক্ষুদ্ৰ ব্যৱসায়ী ৰাখী বৰা হাজৰিকাই চাৰি লক্ষ্যাধিক টকাৰ পাটৰ কাপোৰ, ম’বাইল ফোনৰ লগতে সমস্ত বস্তু হেৰুৱালে ৷ আনহাতে দুৰ্ঘটনাত হোৱা সমস্যাৰ বাবে ডিব্ৰুগড়ৰ মেডিকেল কলেজত ব্যক্তিগত খৰচত কৰি চিকিৎসা কৰি আহিবলগীয়া হৈছে ৰাখী হাজৰিকাই ৷

তথাপি চৰকাৰী বা ব্যক্তিগত নাও মালিক সন্থা তথা ‘মা কমলা’ৰ মালিক পক্ষৰ কোনো লোকেই এইসকলৰ খবৰ কৰা নাই ৷ উপায়ন্তৰ হৈ চৰকাৰক ক্ষতিপুৰণৰ বাবে 10 দিনৰ সময়সীমা বান্ধি দিলে যাত্ৰী সকলে ৷

লগতে পঢ়কঃ উপ-নিৰ্বাচন: তিনি সমষ্টিৰ প্ৰাৰ্থী ঘোষণা বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.