Jorhat Majuli bridge: মাজুলীবাসীৰ দুখৰ দিন অন্ত পৰিব: পৰমানন্দ দেৱ গোস্বামী

author img

By

Published : Nov 24, 2022, 11:11 AM IST

Construction site of Jorhat Majuli bridge

মাজুলীয়ালৰ সপোন পূৰণৰ দিশে (Bridge to Majuli) ৷ প্ৰায় 5 মাহৰ বিৰতিৰ অন্তত পুনৰ আৰম্ভ হৈছে মাজুলীবাসীৰ এই সপোনৰ দলং খনৰ কাম । বুধবাৰে মাজুলীবাসী ৰাইজৰ সপোনৰ যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ স্থলী পৰিদৰ্শন কৰে গড়মূৰ সত্ৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীয়ে ৷

মাজুলী, 24 নৱেম্বৰ : মাজুলীৰ দুই লক্ষ জনতাৰ সপোন মাজুলী-যোৰহাট সংযোগী দলংখন (Jorhat Majuli bridge)। 2021 চনৰ নৱেম্বৰ মাহত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল মাজুলীয়ালৰ সপোনৰ দলংখনৰ কাম (Construction site of Jorhat Majuli bridge) । কিন্তু দলংখনৰ কামৰ আৰম্ভণিতে লাগিছিল কেণা ।

নিৰ্মীয়মান দলংখনৰ 8 আৰু 11 নম্বৰ খুঁটাত লাগিছিল এই কেণা । তাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷ যাৰ ফলশ্ৰুতিত দলংখনৰ কাম প্ৰায় 5 মাহ ধৰি বন্ধ হৈ আছিল (Jorhat Majuli bridge under uncertainty) । 5 মাহৰ বিৰতিৰ অন্তত পুনৰ আৰম্ভ হৈছে মাজুলীবাসীৰ এই সপোনৰ দলংখনৰ কাম । প্ৰত্যেকগৰাকী মাজুলীয়ালৰ আশা, সোনকালেই হৈ উঠক সপোনৰ এই মাজুলী-যোৰহাট সংযোগী দলংখনৰ কাম ।

মাজুলীয়ালৰ সপোন পূৰণৰ দিশে

লগতে পঢ়ক : মাজুলী যোৰহাট সংযোগী দলংখন এখনি পুতলা দলং: লুৰীণ জ্যোতি গগৈ

মাজুলীবাসী ৰাইজৰ সপোনৰ যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী বুধবাৰে পৰিদৰ্শন কৰে গড়মূৰ সত্ৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীয়ে (Satradhikar Paramananda Devgoswami visits Construction site of Jorhat Majuli bridge) । দলং নিৰ্মাণস্থলী পৰিদৰ্শন কৰি তেওঁ কয়, ‘‘মাজুলীবাসীৰ দুখৰ দিনৰ শীঘ্ৰেই অন্ত পৰিব ৷ ক্ষীপ্ৰ গতিত আগবাঢ়িছে দলং নিৰ্মাণৰ কাম । অৱশ্যে এই ক্ষেত্ৰত মাজুলীৰ প্ৰতিজন জনতাৰে সহায় সহযোগিতাৰ প্ৰয়োজন’’ ।

বুধবাৰে যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰাৰ সময়ত তেওঁৰ লগত সংগ দিয়ে ঔৱা সত্ৰৰ ডেকা সত্ৰীয়াগৰাকীয়ে । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীখনক সুন্দৰকৈ সজোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি সত্ৰাধিকাৰগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : মাজুলী-যোৰহাট সংযোগী দলঙক পুতলা দলং আখ্যা লুৰিণ জ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.