অভিভাৱকৰ দায়িত্ব লাভৰ পাচত প্ৰথমবাৰৰ বাবে মাজুলীত মন্ত্ৰী ডাঃ ৰণোজ পেগু

author img

By

Published : Sep 18, 2022, 5:30 PM IST

Majuli

মাজুলীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Ranoj Pegu visited Majuli) । মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবে দায়িত্বলাভৰ পিছত মাজুলীত উপস্থিত শিক্ষামন্ত্ৰীগৰাকী ।

মাজুলী, ১৮ ছেপ্টেম্বৰ : মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাচত আজি মাজুলী জিলাত আজি উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Ranoj Pegu visited Majuli) ।

দিনজোৰা কাৰ্যসূচীৰে মাজুলীত উপস্থিত হৈ মন্ত্ৰী ৰণোজ পেগুৱে প্ৰথমতে শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ অৱস্থাৰ বুজ লয় । তাত তেওঁ কয় যে, গড়মূৰস্থিত জিলা চিকিৎসালয়খনৰ আন্তঃগাঁথনিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে (Guardain Minister of Majuli Ranoj Pegu) ।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মাজুলী ভ্ৰমণ

তেওঁ লগতে কয় যে, মাজুলীৰ মানুহৰ সুবিধা হোৱাকৈ তাত অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰিব পাৰিলে মাজুলীৰ লোকসকল বহু পৰিমাণে উপকৃত হ'ব (Mediacal in Majuli) ।

আনহাতে, এই বিষয়ে তেওঁ ইতিমধ্যে কথা পতা বুলিও জানিবলৈ দিয়ে । ইয়াৰ উপৰি গড়মূৰত থকা মৰম মাজুলীৰ অন্তৰ্গত এটি ফিজিঅ'থেৰাপী কেন্দ্ৰও পৰিদৰ্শন কৰে অভিভাৱক মন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ উপৰি তেওঁ গড়মূৰ সদৰৰ অংগনবাড়ী কেন্দ্ৰ এটাও পোষণ মাহ উপলক্ষে পৰিৰ্দশন কৰে । তাৰ পিছতে তেওঁ গড়মূৰত মাজুলী জিলা প্ৰশাসনৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :বিমান বন্দৰত ঢোলে-দগৰে আদৰণি সৰ্বানন্দ সোণোৱালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.