ETV Bharat / state

ৰাণা পগাগৰ বিস্ফোৰক মন্তব্য : সাংবাদিকে দাবী কৰিছিল ধন

author img

By

Published : May 25, 2022, 9:45 PM IST

সাংবাদিক গৰাকীয়ে মোৰ ঘৰৰ ফ্ৰিজ, আচবাব একো নেৰিলে
ৰাণা পগাগৰ বিস্ফোৰক মন্তব্য

"মোৰ দেউতাৰ পৰা উজনিৰ এটা চেটেলাইট চেনেলৰ সাংবাদিকে বিচাৰিছিল দুই লাখ টকা ৷ এই ধন নোপোৱাত সাংবাদিক গৰাকীয়ে মোৰ ঘৰৰ ফ্ৰীজ, আচবাব একো নেৰিলে ৷" বুধবাৰে এই বিস্ফোৰক মন্তব্য কৰিছে প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ৰাণা পগাগে ৷

মাজুলী, 25 মে’: ‘‘মোৰ দেউতাৰ পৰা উজনিৰ কোনো চেটেলাইট চেনেলৰ সাংবাদিকে বিছাৰিছিল দুই লাখ টকা ৷ এই ধন নোপোৱাৰ বাবে সাংবাদিক গৰাকীয়ে মোৰ ঘৰৰ ফ্ৰিজ, আচবাব একো নেৰিলে ।" বুধবাৰে সাংবাদিকৰ আগত এই বিস্ফোৰক মন্তব্য আগবঢ়াই প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ৰাণা পগাগে ৷

জানিব পৰা মতে, বিগত 23 মে’ত মাজুলী আৰক্ষীয়ে আদালতৰ পৰা নিজৰ জিম্মাত লয় অভিযুক্ত ৰাণা পগাগক (Rana Pogag on police custody again) ৷ ইতিমধ্যে ৰাণা পগাগে লোৱা ভাড়া ঘৰৰ সকলো নথি-পত্ৰৰ লগতে ৰাণা আৰু আৰক্ষী বিষয়া জোনমণি ৰাভাই ব্যৱহাৰৰ কৰা কম্পিউটাৰো জব্দ কৰাৰ লগতে পগাগৰ তিনিটাকৈ বেংক একাউণ্ট বাজেয়াপ্ত কৰিছে মাজুলী আৰক্ষীয়ে (Police seized computer of Rana Pogag) ।

ৰাণা পগাগৰ বিস্ফোৰক মন্তব্য

উল্লেখ্য, আৰক্ষী বিষয়া জোনমণি ৰাভাক প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৰাণা পগাগ (Rana Pogag arrested in cheating case)। অৱশ্যে পৰৱৰ্তী সময়ত এই প্ৰৱঞ্চনাত জোনমণি ৰাভাৰ নামো সাঙোৰ খাই পৰে (SI Joonmoni Rabha controversy) । আনহাতে ৰাণা পগাগৰ বিৰুদ্ধে মাজুলীত ৰুজু হোৱা গোচৰৰ পাছতে নগাঁৱৰ বিশেষ কাৰাগাৰৰ পৰা আদালতৰ অনুমতি লৈ মাজুলীলৈ অনা হয় প্ৰৱঞ্চক ৰাণা পগাগক ।

লগতে পঢ়ক : মোক মাৰি পেলাওক একেবাৰে; সাংবাদিকক ক’লে ৰাণা পগাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.