ETV Bharat / state

ৰাসৰ SOPক লৈ অসন্তুষ্ট মাজুলীৰ ৰাস উদযাপন সমিতি

author img

By

Published : Nov 11, 2021, 7:02 PM IST

মাজুলীৰ জিলা উপায়ুক্ত সভাকক্ষত গুৰুত্বপূৰ্ণ সভা । ৰাসলীলা উদযাপনক লৈ অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ সভা । ক’ভিড SOP মানি অনুষ্ঠিত হ’ব ৰাসলীলা ৷

majuli-raas-celebration-committee-unhappy-with-raas-sop
ৰাস SOPক লৈ অসন্তুষ্ট মাজুলীৰ ৰাস উদযাপন সমিতি

মাজুলী, 11 নৱেম্বৰ : মাজুলীৰ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ ৯ দিন বাকী । প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ । শিল্পী-কলাকুশলীৰ এৰাব নোৱাৰা ব্যস্ততা । নিশা দুপৰলৈ চলিছে আখৰা । মাজুলীৰ শাৰদীয় একমাত্ৰ উৎসৱ ৰাস মহোৎসৱৰ আছে ৫০০ বছৰীয়া পৰম্পৰা । ৰাস ক্ৰীয়াৰ শিশু লীলা এক অবিচ্ছেদ্য অংশ । শিশু লীলাৰ অবিহনে ৰাস পালন কৰাটো অসম্ভৱ আৰু আধৰুৱা । কৃষ্ণ জন্মৰ পৰা মহাৰাসলৈকে সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত হয় । কিন্তু শেহতীয়াকৈ অসম চৰকাৰৰ ক’ভিড নীতিক লৈ মাজুলীত উদ্ভৱ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

মাহজোৰা আখৰাৰ শেষত নতুন ক’ভিড নীতিয়ে বিপাঙত পেলাইছে মাজুলীৰ সত্ৰানুষ্ঠানকে ধৰি প্ৰায় ৫৩ খন ৰাস পৰিচালনা সমিতিক । ইয়াৰ মাজতে বৃহস্পতিবাৰে মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ত সকলো ৰাস সমিতি আৰু মাজুলীৰ বিভিন্ন দল সংগঠনক লগত লৈ এখনি সভা অনুষ্ঠিত হয় ৷ সভাত ক’ভিড বিধি সম্পৰ্কে প্ৰশাসনে অৱগত কৰে ৰাস সমিতি সমূহক । ১০ বছৰৰ তলৰ শিশুক ৰাসৰ পৰা আঁতৰাই ৰখাতো অসম্ভৱ বুলি ৰাস সমিতিসমূহে উপায়ুক্তক অৱগত কৰি অসন্তুষ্ট প্ৰকাশ কৰে ।

ৰাসৰ SOPক লৈ অসন্তুষ্ট মাজুলীৰ ৰাস উদযাপন সমিতি

বিগত বৰ্ষতো একে এচ অ’ পি আছিল আৰু ইয়াৰ মাজতে ৰাসোৎসৱ সুকলমে অনুষ্ঠিত হৈ গৈছে ৷ চলিত বৰ্ষতো কিছু তাৰতম্যৰ মাজেৰে ক’ভিড বিধি মানি ৰাস সমিতি সমূহে ৰাসোৎসৱ উদযাপনৰ কথা উল্লেখ কৰে যদিও শিশুৰ অবিহনে ৰাস কেনেকৈ সম্ভৱ হ’ব বুলি সমিতি সমূহে অসন্তুষ্টি ব্যক্ত কৰে ।

প্ৰশাসনে ৰাস সমিতিৰ সহযোগিতা বিচাৰে আৰু অধিকাংশ সমিতিয়ে শিশুক অংশগ্ৰহণ কৰিবই লাগিব বুলি উল্লেখ কৰে । বহুতো সমিতিয়ে চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰে । তথাপিও চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ক’ভিড নিৰ্দেশনা মানি হ’লেও মাজুলীবাসীয়ে মূল শাৰদীয় উৎসৱ উদযাপন কৰিব বুলি উল্লেখ কৰে । ইয়াৰ লগতে মাজুলীৰ ৰাস দৰ্শন কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছে ৰাস উদযাপন সমিতিৰ বিষয়ববীয়া সকলে ।

লগতে পঢ়ক : ষঠ পূজা আৰু ৰাস মহোৎসৱকলৈ ৰাজ্য চৰকাৰৰ নতুন এছ অ' পি জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.