ETV Bharat / state

Majuli-Lakhimpur Connecting Bridge:চেলেক-ধূনাগুৰি সংযোগী দলঙত উলাইছে বিসংগতি

author img

By

Published : Jul 8, 2023, 9:04 PM IST

মাজুলী জিলাৰ আছু নেতৃত্ব উপস্থিত চেলেক-ধূনাগুৰি সংযোগী দলং নিৰ্মাণস্থলীত ৷ মাজুলী-উত্তৰ লখিমপুৰলৈ সংযোগী নিৰ্মীয়মান দলঙত উলাইছে বিসংগতি ৷ 7 নং খুঁটাত ধৰা পৰিছে বিসংগতি ৷

Majuli-Lakhimpur Connecting Bridge
চেলেক-ধূনাগুৰি সংযোগী দলঙত উলাইছে বিসংগতি

চেলেক-ধূনাগুৰি সংযোগী দলঙত উলাইছে বিসংগতি

মাজুলী, 8 জুলাই: কিদৰে চলিছে মাজুলীত দলং নিৰ্মাণৰ কাম ! মাজুলীৰ পৰা যোৰহাট আৰু মাজুলীৰ পৰা উত্তৰ লখিমপুৰলৈ সংযোগী দুখনকৈ দলং নিৰ্মাণৰ কাম চলি আছে মাজুলীত ৷ কিন্তু দলং নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই খুঁটাত ওলাইছে বিসংগতি ৷ মাজুলী-উত্তৰ লখিমপুৰ সংযোগী নিৰ্মীয়মান দলঙত বিসংগতি হোৱাৰ খবৰ চৰ্চালৈ আহিছিল সামাজিক মাধ্যমত ৷ সেই খবৰৰ ভিত্তিত মাজুলী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই পৰিদৰ্শন কৰে দলং নিৰ্মাণস্থলী ৷

হাৰিয়ানাৰ এছ পি ছিংলা নামৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰি থকা চেলেক-ধূনাগুৰি সংযোগী দলঙৰ ৭ নম্বৰ খুঁটাত উলাইছে বিসংগতি । নিৰ্মীয়মান দলং পৰিদৰ্শন কৰি হতবাক হ’ল ছাত্র সন্থাৰ দলটোৰ ৷ ছাত্র সন্থাৰ দলটোৱে প্ৰতক্ষ্য কৰিলে ৭ নম্বৰ খুঁটাত থকা বিসংগতি ৷ ‘‘ 7 নং খুঁটাৰ এটা অংশত বাহিৰৰ পৰা খুঁটাৰ ভিতৰ অংশলৈ পানী সোমাই থকা দেখিবলৈ পোৱা গৈছে । খুঁটাৰ যি ঢালাই সেয়া অতি নিম্ন মানৰ হোৱাৰ বাবেই এই বিসংগতি হৈছে ৷’’ এই অভিযোগ উত্থাপন কৰিলে ছাত্ৰ সন্থাৰ দলোটোৱে ৷

2022 বৰ্ষৰ 11 ডিচেম্বৰত চেলেক-ধূনাগুৰি সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মাজুলীবাসীৰ সপোনৰ ৬৯৫ কোটি টকাৰে নিৰ্মাণ হৈ থকা দলংখন সঠিক নিৰ্মাণৰ দাবী জনায় আছুৱে । আনহাতে এছ পি ছিংলাই বিহাৰত নিৰ্মাণ কৰা দলং ভাগি পৰিছিল । যাৰ পৰিপেক্ষিতত মাজুলীত নিৰ্মাণ কৰা চেলেক-ধূনাগুৰি সংযোগী দলংখনৰ ক্ষেত্ৰত যাতে বিহাৰৰ দৰে অনুৰূপ ঘটনা নহয় তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আছুৱে প্ৰশাসনক দাবী জনায়।

লগতে পঢ়ক:Constituency delimitation:মাজুলী সমষ্টি যোৰহাটৰ লগত থাকিলেও একো উন্নতি নহয়:ৰাজীৱ লোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.