মাজুলীত কাতি বিহুক লৈ ব্যাপক প্ৰস্তুতি

author img

By

Published : Oct 18, 2021, 10:17 AM IST

kati bihu preparation at majuli

অসমৰ জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ কাতি বিহু পালনৰ বাবে ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ আহিনৰ শেষ দিনটো অসমীয়া সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে । এই বিহুৰ লগত সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি ।

মাজুলী, 18 অক্টোবৰ : "তুলসীৰ তলে তলে মৃগ পহু চৰে, তাক দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে" ৷ আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু । কাতি বিহুক যদিও কঙালী বিহু বুলি কোৱা হয়, তথাপিও সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো কাতি বিহুক লৈ ব্যাপক উৎসাহ দেখা গৈছে ।

kati bihu preparation at majuli
আজি কাতি বিহু

ঘৰৰ চোতালত মাটিৰে তুলসীৰ ভেঁটি নিৰ্মাণ কৰাত পুৱাৰ পৰা ব্যস্ত হৈ পৰিছে কণ কণ শিশুকে ধৰি বয়োজ্যেষ্ঠগৰাকী । এই তুলসী ভেঁটিৰ তলত সন্ধিয়া চাকি-বন্তি জ্বলাই নাম-প্ৰসংগ কৰি ভগৱন্তৰ চৰণত সেৱা আগবঢ়াব সকলোৱে । তুলসীৰ তলত জ্বলোৱা এই চাকিৰ পোহৰে যেন নিঃশেষ কৰক সমাজৰ অসূয়া-অমংগল ।

চহা কৃষকসকলে সেউজীয়া হৈ পৰা ধাননি পথাৰত চাকি জ্বলাই পোক-পতংগৰ পৰা পৰিত্ৰাণ বিচাৰি কঙালীৰ গৰ্ভত ভোগালীৰ বীজ উৎপত্তি হ’বলৈ প্ৰাৰ্থনা জনাব । সকলোৰে এটাই আশা, কৰ’ণা ভাইৰাছে দুটাকৈ বছৰত যি ভয়াৱহ ৰূপ ল‘লে, সেয়া তুলসীৰ তলত জ্বলোৱা চাকিৰ পোহৰে নাইকিয়া কৰক ।

আজি কাতি বিহু

উল্লেখ্য যে, অসমীয়া জনজীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে এক সুকীয়া মৰ্যদা প্ৰদান কৰিছে । বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে ।

লগতে পঢ়ক : ৰাজ্যত পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.