মাজুলীত আবাসিক বিদ্যালয় নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

author img

By

Published : Oct 11, 2021, 6:10 PM IST

Corruption in Educatiuon department in Majuli

মাজুলীৰ ৰাওনাপাৰত আবাসিক বিদ্যালয় নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ২০১৯ চনতে আৰম্ভ হৈছিল বিদ্যালয় গৃহ নিৰ্মাণৰ কাম । কিন্তু আজি পৰ্যন্ত ৩০ শতাংশ কামো সম্পূৰ্ণ হোৱা নাই । নিৰ্মাণকাৰ্যৰ ঠিকা লাভ কৰা "মেছাৰ্ছ ষ্টাৰ এণ্টাৰপ্ৰাইজ"ৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে বিভিন্ন দল-সংগঠন ।

মাজুলী, ১১ অক্টোবৰ: মাজুলীত আবাসিক বিদ্যালয়(ল'ৰাৰ) নিৰ্মাণৰ নামত শিক্ষা বিভাগৰ ভেকো ভাওনা । ১,৮০,৯১,৪১৩ টকা আবণ্টন হৈছিল বিদ্যালয় গৃহ নিৰ্মাণৰ নামত । সৰ্ব শিক্ষা মিছনৰ অধীনত ৰাওনাপাৰত আবাসিক বিদ্যালয়(ল'ৰাৰ)খন নিৰ্মাণৰ ঠিকা লাভ কৰিছিল যোৰহাটৰ "মেছাৰ্ছ ষ্টাৰ এণ্টাৰপ্ৰাইজ" নামৰ এটা প্ৰতিষ্ঠানে । প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী সুৰজিত মহন্ত । ২০১৯ চনত বিদ্যালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ঠিকেই, কিন্তু পকী খুঁটা পুতিয়েই দায়িত্ব সামৰিলে ঠিকাদাৰে ।

সেয়াও এতিয়া জৰাজীৰ্ণ অৱস্থা হৈছেগৈ । ২২ বিঘা ভূমিত বিদ্যালয়খন নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল । কিন্তু বিদ্যালয়গৃহ নিৰ্মাণৰ কাম আগবঢ়া নাই । ২০১৯ চনত আৰম্ভ হোৱা কাম কেইটামান খুঁটা পোতাৰ পাছতে কিয় বন্ধ হৈ পৰিল সেয়া ৰহস্যজনক ।

মাজুলীত আবাসিক বিদ্যালয় নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

যি খন চৰকাৰে পৰিৱৰ্তন, দুৰ্নীতি মুক্ত অসম গঢ়াৰ কথা কয় সেই চৰকাৰৰ দিনতেই মাজুলীত দুৰ্নীতি বেছি হৈছে বুলি অভিযোগ তুলিছে মাজুলীৰ জাতীয় দল-সংগঠনে ।

লগতে বাহিৰৰ ঠিকাদাৰ বা প্রতিষ্ঠানৰ বাবে মাজুলী খিৰতি গাই হৈ পৰিছে বুলিও তেওঁলোকে মন্তব্য কৰে । এই নিৰ্মাণ কাৰ্যৰে জড়িত প্ৰতিষ্ঠানক আইনৰ আওতালৈ আনি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে আৰু আৰু এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলিব লাগে বুলি দাবী জনাইছে সংগঠনৰ নেতাই । তেওঁলোকৰ মতে, বিদ্যালয়খনৰ কাম সম্পূৰ্ণ হৈ উঠিলে মাজুলীৰ ছাত্ৰসকল যথেষ্ট উপকৃত হ'ব । ঠিকাদাৰৰ হেমাহিৰ বাবেই বিদ্যালয় গৃহ নিৰ্মাণ কাম বন্ধ হৈ আছে বুলি সংগঠনৰ নেতৃত্বই অভিযোগ তুলিছে ।

লগতে পঢ়ক:গাজিপুৰত অসমৰ কৃষকে পৰিবেশন কৰিলে বাটৰ নাট "অজেয় কৃষক"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.