ETV Bharat / state

Uruka Celebration in Assam: মাজুলীত অট্টালিকা সদৃশ ভেলাঘৰে আকৰ্ষিত কৰিছে ৰাইজক

author img

By

Published : Jan 14, 2023, 5:01 PM IST

মাজুলীৰ ধোৱাচলা গাঁৱৰ ৰাইজে মিলি নিৰ্মাণ কৰিছে অট্টালিকা সদৃশ ভেলাঘৰ (building model bhela ghar in Majuli) । ভেলাঘৰত হাঁহে-মাহে এসাঁজ খোৱাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে ধোৱাচলা গাঁৱৰ ৰাইজে ।

Majuli
Majuli
মাজুলীত অট্টালিকা সদৃশ ভেলাঘৰে আকৰ্ষিত কৰিছে ৰাইজক

মাজুলী, ১৪ জানুৱাৰী : চাওঁতে চাওঁতে পুনৰ আহি পালে অসমীয়াৰ বাপতি সাহোন মাঘ বিহু বা ভোগালী বিহু (Bhogali bihu celebration in Assam) । আজি মাঘ বিহুৰ উৰুকা (Magh bihu uruka) । ইতিমধ্যে উৰুকাৰ নিশা এসাঁজ লগে-ভাগে খোৱাৰ বাবে ৰাজ্যজুৰি চলিছে ব্যাপক আয়োজন (traditional community eating in bhela ghar) ।

একেদৰে সাজু হৈ উঠিছে পৰম্পৰা ৰক্ষা কৰি পথাৰত সজা ভেলাঘৰ আৰু মেজিবোৰো । এই ভেলাঘৰতে নিশা লগপাত খাই পুৱাতে মেজিৰ জুই উম ল'ব সকলোৱে মিলি । লগতে বিগত বৰ্ষবোৰৰ দৰে এইবেলিও বিভিন্ন আকৃতি আৰু ডিজাইনেৰে আটক ধুনীয়া ভেলাঘৰ প্ৰস্তুত কৰি তুলিছে বিভিন্ন প্ৰান্তত (bhela ghar preparation for magh bihu) । বৰ্তমান বাপতি সাহোন ভোগালী বিহুক লৈ উখল-মাখল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত । ভোগালী বিহুক আদৰিবলৈ সৰ্বতোপ্ৰকাৰে সাজু হৈ উঠিছে সমগ্ৰ ৰাজ্যবাসী ।

পিছপৰি ৰোৱা নাই সত্ৰ নগৰী মাজুলীও (bhogali bihu celebration in Majuli) । সমগ্ৰ ৰাজ্যৰ দৰে মাজুলী জিলাৰো বিভিন্ন প্ৰান্তত হেঁপাহৰ ভোগালীক আদৰিবলৈ নিৰ্মাণ কৰা হৈছে ভেলাঘৰ । সত্ৰ নগৰী মাজুলীৰ ধোৱাচলা গাঁৱৰ ৰাইজে এইবাৰ কৰিছে ভোগালী বিহুৰ বৰ্ণাঢ্য আয়োজন । প্ৰতি বছৰৰ দৰে এই বছৰো গাঁওখনৰ ৰাইজে মিলি নিৰ্মাণ কৰিছে সুদৃশ্য ভেলাঘৰ (building model bhela ghar in Majuli) । এই বছৰ গাঁওখনৰ লোকসকলে একেলগে মিলি নিৰ্মাণ কৰিছে অট্টালিকা সদৃশ ভেলাঘৰ ।

এই ভেলাঘৰৰ জৰিয়তে ধোৱাচলা গাঁৱৰ ৰাইজে এক চহৰৰ পৰিবেশ সৃষ্টিৰ চেষ্টা কৰা হৈছে বুলি জনাইছে । ইয়াৰ সমান্তৰালকৈ এই অট্টালিকা সদৃশ ভেলাঘৰৰ সন্মুখত হাতী-মানুহৰ যি সংঘাত তাক দেখুৱাবলৈও চেষ্টা কৰা হৈছে । এক কথাত ক'বলৈ গ'লে আন আন বছৰৰ দৰে এইবছৰো ধোৱাচলা গাঁৱৰ ৰাইজে সাম্প্ৰতিক সময়ৰ এখন জীয়া ছবি ভেলাঘৰৰ জৰিয়তে প্ৰকাশ কৰাৰ চেষ্টা কৰিছে । এই ভেলাঘৰতে সকলো মিলি হাঁহে-মাহে এসাঁজ খোৱাৰো প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে ধোৱাচলা গাঁৱৰ ৰাইজে ।

উল্লেখ্য, উৰুকাৰ নিশা ভেলাঘৰত ভোজ খাই পুৱাতে মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনোৱা হয় । ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন আকৃতিৰ আৰু উচ্চতাৰ ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰি উলিওৱা হৈছে । মেজিৰ সমানে আকৰ্ষণীয় ৰূপত ভেলাঘৰ সাজি উলিয়াইছে ৰাজ্যৰ যুৱক-যুৱতী তথা আবাল-বৃদ্ধ-বণিতাই । ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে লখিমপুৰতো ভোগালী উৎসৱ উদযাপনৰ উদ্দেশ্যে নিৰ্মাণ কৰি উলিওৱা হৈছে আকৰ্ষণীয় ভেলাঘৰ । জিলাখনৰ তেলাহী যুৱ সমাজৰ সৌজন্যত ভোগালী উৎসৱ উদযাপনৰ বাবে বাঁহপাতি পুৰণি গাঁৱত নিৰ্মাণ কৰা হৈছে ৭০ ফুট উচ্চতাৰ লণ্ডন ব্ৰীজ আৰ্হিৰ ভেলাঘৰ (Velaghar on pattern of London Tower Bridge)।

লগতে পঢ়ক :Bhogali Bihu in Assam: মাঘৰ উৰুকাবিহীন এখন গাঁও, 30 বছৰে আনন্দ নাই ভোগালীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.