নাৰায়ণপুৰৰ পেট্ৰ’ল ডিপোত ডকাইতিৰ চেষ্টা বিফল

author img

By

Published : Oct 11, 2021, 12:10 PM IST

Robbery at petrol pump at narayanpur

দেওবাৰে নিশা নাৰায়ণপুৰৰ জুৰি ফিলিং ষ্টেচন নামৰ ভাৰত পেট্ৰ’লিয়ামৰ ডিপোটোত অচিনাক্ত দুৰ্বৃত্তই পিষ্টল দেখুৱাই ধন লুটাৰ চেষ্টা চলায় ৷ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত ৷

বিহপুৰীয়া, 11 অক্টোবৰ : দেওবাৰে নিশা নাৰায়ণপুৰত সংঘটিত হয় এক অঘটন ৷ দুজন বন্দুকধাৰী দুৰ্বৃত্তই পিষ্টল দেখুৱাই ধন লুট কৰাৰ চেষ্টা চলাই এজন লোকৰ পৰা ৷ দেওবাৰে নিশা প্ৰায় ১০ বাজি ১৫ মিনিটত এই ঘটনাটো সংঘটিত হয় নাৰায়ণপুৰৰ জুৰি ফিলিং ষ্টেচন নামৰ এটা ভাৰত পেট্ৰ’লিয়ামৰ ডিপোত ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মুখত কাপোৰ বান্ধি অহা দুই দুৰ্বৃত্তই তেল ডিপোটোত কৰ্মৰত এজন কৰ্মচাৰীক পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি প্ৰদান কৰে ৷ তাৰ পাচতেই কৰ্মচাৰীজনক চোঁচৰাই কেচ কাউণ্টাৰৰ ফালে লৈ গৈ ধন দাবী কৰে ৷ সেই সময়ত সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰি আছিল কেইজনমান ট্ৰাক চালক আৰু স্থানীয় লোকে ৷

নাৰায়ণপুৰৰ পেট্ৰ’ল ডিপোত ডকাইতিৰ অপচেষ্টা

ইফালে প্ৰাণৰ মমতাত তেল ডিপোটোত কৰ্মৰত কৰ্মচাৰীজনে দাবী কৰা ধন দিবলৈ উদ্যত হওঁতেই সেই ট্ৰাকৰ চালক কেইজন আৰু স্থানীয় লোকে হুলস্থূল কৰে ৷

লগতে পঢ়ক : বৰপেটাৰোডত 12 কিলো ব্ৰাউন চুগাৰসহ এজন গ্ৰেপ্তাৰ

পৰিস্থিতি কিছু বিষম দেখি সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয় দুই বন্দুকধাৰী দুৰ্বৃত্ত ৷ এক প্ৰকাৰে ক’ব পাৰি যে, ডিপোটোত সেই সময়ত উপস্থিত থকা ট্ৰাক চালক আৰু স্থানীয় লোক কেইজনৰ তৎপৰতাতে প্ৰাণ ৰক্ষা পৰিল ডিপোটোৰ কৰ্মচাৰীজনৰ ৷ ইফালে এই সমগ্ৰ দৃশ্য বন্দী হৈছে তেল ডিপোটোৰ চিচিটিভি (CCTV) কেমেৰাত ৷

আনহাতে, পৰৱৰ্তী সময়ত এই ঘটনাৰ সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ আৰক্ষীয়ে সংগ্ৰহ কৰে চিচিটিভি (CCTV) ৰ ফুটেজু ৷

লগতে পঢ়ক : সাংবাদিকতাৰ নাম লৈ দালালি কৰি ফাণ্ডত পৰিল তিনিজন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.