Lachit divas in lakhimpur: হিন্দু যুৱ ছাত্র পৰিষদৰ উদ্যোগত লখিমপুৰত কেন্দ্রীয় লাচিত দিৱসৰ আয়োজন

author img

By

Published : Nov 22, 2022, 2:24 PM IST

Lachit diwas in lakhimpur

বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী (Lachit Borphukan 400th birth anniversary) বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । ইয়াৰ সৈতে সংগতি ৰাখি হিন্দু যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত লখিমপুৰত অনুষ্ঠিত হ'ব কেন্দ্রীয় লাচিত দিৱস ।

লখিমপুৰ, ২২নবেম্বেৰ: হিন্দু যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত বুধবাৰৰ পৰা লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব কেন্দ্রীয় লাচিত দিৱস (Lachit Divas of Hindu Yuva Chhatra Parishad )। ইতিমধ্যে মূল অভ্যৰ্থনা সমিতিৰ লগতে চৈধ্যখন বিভিন্ন উপ-সমিতিয়ে এই দিৱসৰ প্ৰস্তুতি সম্পুর্ণ কৰিছে । এই উপলক্ষে বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক শোভাযাত্রা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুকলি সভা অনুষ্ঠিত হ'ব ।

উক্ত মুকলি সভাত বিশ্ব হিন্দু মহাসংঘৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মহন্ত সুৰেন্দ্ৰ নাথ অৱধূটজী মহাৰাজ, ৰাজ্যিক অধ্যক্ষ জনাৰ্দন দেৱ গোস্বামী আদিয়ে অংশগ্রহণ কৰিব বুলি আয়োজকসকলে সদৰি কৰিছে (National President of Vishwa Hindu Mahasangh)। সাংস্কৃতিক শোভাযাত্রাত অভিনেত্রী অমৃতা গগৈ, জেৰিণা বৰুৱা আদিয়ে অংশগ্রহণ কৰিব । পৰিষদৰ কেন্দ্রীয় সমিতিৰ সভাপতি বলেন বৈশ্য, সাধাৰণ সম্পাদক মাধৱ দাস, লখিমপুৰ জিলা সমিতিৰ সভাপতি যুগ্ম জ্যোতি দত্ত, ভাৰপ্ৰাপ্ত সম্পাদক ঘনকান্ত বৰাৰ লগতে উদযাপন সমিতিৰ সভাপতি মাধৱ হাজৰিকা, কাৰ্যকৰী সভাপতি বাবুল বৰা, প্ৰধান সম্পাদক ড৹ ৰমেশ কুমাৰ কাকতি, সম্পাদকদ্বয় ৰাজীৱ সিং আৰু মনোজ শইকীয়াই লাচিত দিৱসৰ সকলো কাৰ্যসূচীত ৰাইজক সহযোগিতা কামনা কৰিবলৈ আহ্বান জনাইছে ।

হিন্দু যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় লাচিত দিৱস

লাচিত বৰফুকন (Lachit Borphukan) আছিল অসমৰ নৱমজন ফুকনলুং । ১৬৭১ চনত তেওঁ অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনীক পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল । শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফস্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে ।

লাচিত বৰফুকনৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয় । তেওঁৰ পিতৃৰ নাম আছিল ম'-মাই তামূলী ফুকেলুং যি আহোমৰ লান-ফিমা বংশৰ আছিল । লাচিত আছিল ম'-মাইৰ সপ্তম পুত্ৰ ৷ তেওঁৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং । জন্মসূত্ৰে তেওঁৰ নাম লা-চিত ৷ প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো অসমত লাচিত ফুকনলুংৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস (Lachit Day 2022) হিচাপে পালন কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.