ETV Bharat / state

Gunutsav 2022: নাৰায়ণপুৰত গুণোৎসৱ বৰ্জনৰ হুংকাৰ

author img

By

Published : May 25, 2022, 9:45 PM IST

তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ(Gunutsav 2022) বাবে প্ৰস্তুতি চলাইছে ৰাজ্যৰ বহু সংখ্যক বিদ্যালয়ে ৷ এনে সময়তে নাৰায়ণপুৰৰ এখন বিদ্যালয়ে গুণোৎসৱত অংশগ্ৰহণ নকৰাৰ সম্ভাৱনাই দেখা দিছে ৷ পৰিচালনা সমিতি, অভিভাৱক আৰু স্থানীয় ৰাইজে গুণোৎসৱত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Gunutsav 2022
নাৰায়ণপুৰত গুণোৎসৱ বৰ্জনৰ হুংকাৰ

বিহপুৰীয়া, 25 মে': ব্যাপক প্ৰস্তুতিৰে ৰাজ্যৰ কেইবাখনো জিলাত অনুষ্ঠিত হৈছে গুণোৎসৱ (Gunutsav 2022)৷ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ বাবে ইতিমধ্যে বিদ্যালয়সমূহে ব্যাপক ৰূপত প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে । ঠিক তেনে সময়তে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ৬২৫ নং বহুপথাৰ প্ৰাথমিক বিদ্যালয়ত বুধবাৰে স্থানীয় ৰাইজ উপস্থিত হৈ গুণোৎসৱ বৰ্জন কৰাৰ হুংকাৰ দিয়ে (Gunutsav boycott at Narayanpur) ৷

জানিব পৰা মতে, বিগত কেইবা বছৰ ধৰি উল্লেখিত বিদ্যালয়খন মাত্ৰ এগৰাকী শিক্ষকে চলাই আহিছে ৷ যাৰ বাবে স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বহু আবেদন-নিবেদন কৰিও সুফল পোৱা নাই ৰাইজে ৷ বুধবাৰে বিদ্যালয়খনৰ পৰিচালনা সমিতি, অভিভাৱক আৰু স্থানীয় ৰাইজ বিদ্যালয়ত উপস্থিত হৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ পূৰ্বে শিক্ষক নিযুক্তিৰ দাবী জনায় (Lack of teacher at Narayanpur)৷ অন্যথা গুণোৎসৱ বৰ্জনৰ হুংকাৰ দিয়ে লোকসকলে ।

নাৰায়ণপুৰত গুণোৎসৱ বৰ্জনৰ হুংকাৰ

উল্লেখ্য যে, ৰাজ্যৰ আন কেইবাখনো জিলাৰ লগতে লখিমপুৰতো তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে (Third phase of Gunutsav)৷ ইয়াৰ মাজতে জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ আন্তঃগাঁথনিৰ দুৰৱস্থাৰ লগতে শিক্ষকৰ নাটনিয়ে দেখা দিছে ৷ কেইবাখনো বিদ্যালয় এজনীয়া শিক্ষকেৰেই চলি আছে ৷ বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ আজলী আই আৰ্দশ প্ৰাৰ্থমিক বিদ্যালয়তো দেখা গৈছে অনুৰূপ পৰিৱেশ (Gunutsav at Bihpuria)৷

লগতে পঢ়ক: পাঠদানৰ মাজতে শ্ৰেণীকোঠাত ঢলি পৰি প্ৰাণ হেৰুৱালে শিক্ষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.