ETV Bharat / state

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ হ’লে শেষ হ’ব বান সমস্যা: NHPC কৰ্তৃপক্ষ

author img

By

Published : Jun 18, 2022, 1:15 PM IST

দুহেজাৰ মেগাৱাটসম্পন্ন এন এইচ পি চিৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ হ’লে সোৱনশিৰিৰ নামনি অংশৰ বান সমস্যা চিৰদিনৰ বাবে নাইকিয়া হ’ব ৷ এই মন্তব্য NHPC কৰ্তৃপক্ষৰ ৷ দীৰ্ঘদিনে প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহা দল-সংগঠনসমূহে এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

NHPC Lower Subansiri dam
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ হ’লে শেষ হ’ব বান সমস্যা: NHPC কৰ্তৃপক্ষ

লখিমপুৰ, ১৮ জুন: এটা দশকৰো অধিক সময় লখিমপুৰ-ধেমাজিবাসী ৰাইজে নামনি সোৱণশিৰি প্ৰকল্পৰ(NHPC Lower Subansiri dam) বিৰুদ্ধে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ । অদূৰ ভৱিষ্যতে এই প্ৰকল্পৰ পানীয়ে উত্তৰ অসমক সাগৰত পৰিণত কৰিব বুলি আশংকা কৰি ৰাইজে প্ৰতিবাদ কৰি আহিছে (Protest against NHPC project)। কিন্তু শেহতীয়াকৈ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদক নসাৎ কৰি চৰকাৰে প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ উঠিপৰি লাগিছে । প্ৰতিবাদী ৰাইজৰ ওপৰত বল প্ৰয়োগ কৰি সম্পূর্ণ কৰাৰ দিশে আগবাঢ়িছে প্ৰকল্পৰ কাম ৷

চৰকাৰ অথবা এনএইচপিচি কৰ্তৃপক্ষৰ এনে কাৰ্যই প্ৰতিবাদী জনতাক মৰ্মাহত কৰি তুলিছে । এনে সময়তে কেন্দ্ৰীয় শক্তিমন্ত্ৰী(Union power minister Raj Kumar Singh) আৰু এনএইচ পি চি কৰ্তৃপক্ষৰ কেতবোৰ বক্তব্যই বৃহৎ নদীবান্ধবিৰোধী ৰাইজৰ অন্তৰত কেচাঘাত চেঙাতেল দিছে ।

উল্লেখ্য যে, সোৱণশিৰি প্ৰকল্পই চিৰদিনৰ বাবে বান সমস্যা সমাধান কৰাৰ দাবী জনাইছে NHPC কৰ্তৃপক্ষই । এনএইচ পিচিৰ কাৰ্য্যবাহী সঞ্চালকে এই নিশ্চিতি প্ৰদান কৰিছে । আনহাতে কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে প্ৰকল্পটোৰ বিৰুদ্ধে বিদেশী ৰাষ্ট্ৰৰ সাহায্য লৈ আন্দোলন কৰা বুলি তোলে অভিযোগ । মাথো ৪০৫ মেগাৱাটৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই(NEEPCO Ranganadi Hydro Electric Power Project) লখিমপুৰক প্ৰতি বছৰে বিধ্বস্ত কৰি অহাৰ জ্বলন্ত উদাহৰণ দেখাৰ পাছত দুহেজাৰ মেগাৱাটৰ সোৱণশিৰি প্ৰকল্পই ক্ষতি কৰাৰ বিপৰীতে চিৰদিনৰ বাবে বান সমস্যা সমাধান কৰিব বুলি কৰা ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে ।

দীর্ঘদিন ধৰি সোৱণশিৰি প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহাৰ পাছত প্ৰতিবাদী ৰাইজৰ ওপৰত বল প্ৰয়োগ কৰি চৰকাৰে প্ৰকল্পটোৰ নিৰ্মাণ সম্পূর্ণ কৰিব খুজিছে বুলি অভিযোগ উত্থাপন কৰিছে বৃহৎ নদীবান্ধবিৰোধী ৰাইজে । এনএইচপিচি কৰ্তৃপক্ষ অথবা শক্তিমন্ত্ৰীৰ আশ্বাসক লখিমপুৰ-ধেমাজিবাসীৰ বাবে চুইছাইড গেম আখ্যা দিছে দল-সংগঠনসমূহে । আমৃত্যু প্ৰকল্পটোৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি হুংকাৰ দিছে অসমীয়া যুৱ মঞ্চই । এই লৈ চৰম সকীয়নি দিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও ।

এফালে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে লখিমপুৰ-ধেমাজিবাসীৰ ধাৰাবাহিক প্ৰতিবাদ আৰু আনফালে নাচোৰবান্দা NHPC কৰ্তৃপক্ষ আৰু চৰকাৰ ৷ এনে পৰিস্থিতিত প্ৰকল্পটোৱে কি ৰূপ লয়, সেয়া আগন্তুক সময়ত স্পষ্ট হ’ব ৷

লগতে পঢ়ক: মেঘালয়ে যিকোনো মুহুৰ্ততে এৰিব পাৰে পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.